ETV Bharat / entertainment

Parineeti Raghav in IPL : লাভবাৰ্ডছ ৰাঘৱ চাড্ডা-পৰিণীতি চোপ্ৰাই উপভোগ কৰিলে আই পি এল

author img

By

Published : May 4, 2023, 2:28 PM IST

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ মাজতে দুয়োগৰাকীয়ে উপভোগ কৰিলে আই পি এল মেচ (Parineeti Raghav in IPL)। খেলৰ সময়ত দুয়োকে একেলগে দেখি অনুৰাগীয়ে প্ৰকাশ কৰিলে উল্লাস।

Parineeti Chopra and Raghav Chadha seen together during IPL match fans cheer Parineeti Bhabhi
পৰিণীতি চোপ্ৰাৰ আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ মাজতে দুয়োগৰাকীয়ে উপভোগ কৰিলে আই পি এল মেচ

চিটাৰা ডেস্ক, 4 মে’: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিবাহৰ খবৰৰ মাজতে পুনৰ একেলগে দেখা গ’ল এই দুই কথিত প্ৰেমিক-প্ৰেমিকাক ৷ এইবাৰ ৰেষ্টুৰেণ্ট অথবা এয়াৰপৰ্টত নহয়, এইবাৰ দুয়োকে আই পি এল উপভোগ কৰা দেখা গ’ল। ইফালে খেলৰ সময়ত দুয়োকে একেলগে দেখি অনুৰাগীৰ সুখ দুগুণ হৈ উঠিল (Parineeti Raghav in IPL)।

ষ্টেডিয়ামত অনুৰাগীয়ে ক্ৰিকেটতকৈ এই দুগৰাকী চেলিব্ৰিটিৰ ওপৰত অধিক মনোনিৱেশ দেখা পোৱা যায় ৷ খেলখন চলি থকাৰ সময়ত অনুৰাগীয়ে বাৰে বাৰে চিঞৰিছিল ‘পৰিণীতি ভাবী...পৰিণীতি ভাবী..’। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা ১৩ মে’ত দুয়োগৰাকী চেলিব্ৰিটিৰ এংগেজমেণ্ট হ’ব (Wedding rumours with AAP leader Raghav Chadha) ।

মেচখন চলি থকাৰ সময়ত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা দুয়োৱে পোজ দি ফটো শ্বুট কৰে । দুয়োকে ক’লা পোছাক পৰিধান কৰা দেখা পোৱা গৈছিল । আনহাতে পৰিণীতিয়ে ডিপ নেকৰ ক’লা গাউন পৰিধান কৰা দেখা পোৱা গৈছে। একে সময়তে আপ নেতা ৰাঘৱ চাড্ডাকো ক’লা চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছিল ৷ খেলৰ সময়ত দুয়োকে হাঁহি থকা দেখা পোৱা গৈছিল (Raghav Chadha) ৷

আই পি এল চলি থকাৰ সময়ত দুয়োগৰাকীয়ে ভিভিআইপি ষ্টেণ্ডৰ পৰা হাত দেখাই অনুৰাগীক সম্ভাষণ জনাইছিল ৷ ইয়াৰ পিচতে ‘পৰিণীতি ভাবী’ বুলি উল্লাস কৰিলে দৰ্শকে । একে সময়তে এই ছবিসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ ছবিসমূহ ভাইৰেল হৈ পৰাৰ লগে লগে অনুৰাগীয়ে লাইক কমেণ্ট কৰে । এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘ৰাজনীতিৰ পৰা পৰিণীতিলৈ যাত্ৰা।’ এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল ‘কেজৰিৱালৰ পৰিৱৰ্তন । পঞ্জাৱত যিমান সাংসদ, বিধায়ক, এম এল চি আছে । চৰকাৰ গঠন কৰি সকলোৱে বিয়া পাতিছে ।’

একে সময়তে পৰিণীতি চোপ্ৰাইও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আই পি এল মেচৰ এখন ছবি আৰু ৩টা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Parineeti Raghav Wedding rumours)। কিন্তু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা ছবিসমূহত কতো দেখা পোৱা নগ’ল ৰাধৱ চাড্ডাক। এটা ভিডিঅ’ত অভিনেত্ৰীগৰাকীয়ে দেখুৱাইছে ষ্টেডিয়ামৰ দৃশ্য । দ্বিতীয়টোত ভিভিআইপি গেলেৰী দেখুওৱা হৈছে । শ্বেয়াৰ কৰা ছবিখনত অভিনেত্ৰীগৰাকীক অতিথিৰ সৈতে বহি থকা দেখা গৈছে।

লগতে পঢ়ক: Sooraj Pancholi : জিয়া খানৰ আত্মহত্যাৰ গোচৰত দোষমুক্ত হোৱাৰ পিচত গুৰু নানকৰ আশীৰ্বাদ ল’লে সূৰজ পাঞ্চোলিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.