ETV Bharat / entertainment

Haddi ৰ চৰিত্ৰৰ বাবে কেনেদৰে নিজকে তৈয়াৰ কৰিছিল নৱাজুদ্দিন ছিদ্দিকীয়ে - Nawazuddin Siddiqui new movie

Haddi চলচ্চিত্ৰখনৰ পৰা নৱাজুদ্দিন ছিদ্দিকীৰ এখন আকৰ্ষণীয় পোষ্টাৰ মুকলি কৰাৰ পিছত, নিৰ্মাতাসকলে এতিয়া অভিনেতাজনৰ সেই বিশেষ চৰিত্ৰটোলৈ ৰূপান্তৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দৰ্শকৰ আগ্ৰহ বৃদ্ধি কৰিছে (Nawazuddin Siddiqui instagram) । অক্ষত অজয় শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত নৱাজক এজন ট্ৰেন্সজেণ্ডাৰৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব ।

Nawazuddin Siddiqui
নৱাজুদ্দিন ছিদ্দিকী
author img

By

Published : Dec 13, 2022, 6:41 PM IST

চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : নৱাজুদ্দিন ছিদ্দিকী তেওঁৰ কাম আৰু তেওঁ ৰূপায়ণ কৰা চৰিত্ৰৰে দৰ্শকৰ মাজত আলোড়ন সৃষ্টি কৰাৰ বাবে বিখ্যাত ৷ প্ৰতিটো চৰিত্ৰই অতি নিষ্ঠাৰে দৰ্শকৰ সন্মুখত দাঙি ধৰে তেওঁ । তাৰেই শেহতীয়া প্ৰমাণ হ’ল তেওঁৰ আগন্তুক ছবি Haddi ৰ মোচন পোষ্টাৰ খন ৷ সেই পোষ্টাৰখন মুকলি হোৱাৰ পিছত নৱাজুদ্দিনৰ ৰূপ দেখি হতবাক হৈ পৰে অনুৰাগী ৷ তেওঁক মহিলাৰ সাজ-পোছাক পিন্ধা দেখা গৈছিল । তাৰ কেইমাহমানৰ পিছত নৱাজে ‘সি’ ৰ পৰা ‘তাই’ হোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰে ৷

নৱাজুদ্দিনৰ চৰিত্ৰ ৰূপায়ণৰ ভিডিঅ’টোত দেখা গৈছে যে নৱাজ শ্বটৰ বাবে সাজু হৈ আছে আৰু মেকআপ আৰু হেয়াৰ আৰ্টিষ্টৰ দল এটা তেওঁৰ চাৰিওফালে নিজ নিজ কামত ঘূৰি আছে । শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’টোৱে দৰ্শকক কৌতূহলী কৰি তুলিছে (Nawazuddin Siddiqui instagram) ৷ ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি নিৰ্মাতা সকলে এই কথাও প্ৰকাশ কৰিছে যে এইদৰে প্ৰকট হ’বলৈ নৱাজুদ্দিনক মেকআপ কৰোতে 3 ঘণ্টা সময় লাগে ।

Nawazuddin Siddiqui
নৱাজুদ্দিন ছিদ্দিকী

ছবিখনত নিজৰ ভূমিকা সন্দৰ্ভত মন্তব্য কৰি নৱাজে পূৰ্বে কৈছিল যে তেওঁ বিভিন্ন আকৰ্ষণীয় চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰিছে যদিও হাড্ডী এক অনন্য আৰু বিশেষ চৰিত্ৰ হ’বলৈ গৈ আছে যিহেতু আগতে কেতিয়াও দেখা নোপোৱা ৰূপ এটা প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে তেওঁ (Nawazuddin Siddiqui news) । তেওঁ বিশ্বাস কৰে যে ছবিখনে তেওঁক অভিনেতা হিচাপে প্ৰকৃতাৰ্থত প্ৰতিষ্ঠা হোৱাটো সহায় কৰিব ।

অক্ষত অজয় শৰ্মাৰ পৰিচালনাত নিৰ্মিত হোৱা হাড্ডী অক্ষয় আৰু আদম্য ভল্লাৰ সহযোগত ৰচনা কৰা হৈছে । জি ষ্টুডিঅ’, আনন্দিতা ষ্টুডিঅ’ (ৰাধিকা নন্দ, সঞ্জয় সাহা)ৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ দৃশ্যগ্ৰহণ নয়ডা আৰু গাজিয়াবাদকে ধৰি পশ্চিম উত্তৰ প্ৰদেশৰ আশে-পাশে থকা বিভিন্ন অঞ্চলত চলি আছে আৰু 2023 চনত মুক্তি পোৱাৰ কথা ছবিখন ।

হাড্ডীৰ উপৰিও নৱাজৰ ছবিৰ এক আকৰ্ষণীয় লাইন আপ আছে য’ত টিকু ৱেডছ শ্বেৰু, নূৰাণী চেহৰা আৰু অদ্ভূত আদি ছবিও আছে (Nawazuddin Siddiqui upcoming movies) ।

লগতে পঢ়ক : নৱাজুদ্দিন ছিদ্দিকীৰ সৈতে যুঁটি বান্ধিছে 20 বছৰীয়া অভনীত কৌৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.