ETV Bharat / entertainment

KK passes away: কলকাতাত আকস্মিক মৃত্যু বলীউডৰ জনপ্ৰিয় শিল্পী কে কে-ৰ

author img

By

Published : Jun 1, 2022, 9:01 AM IST

দেশবাসীৰ বাবে এক দুঃখবৰ ৷ বলীউডৰ জনপ্ৰিয় গায়ক, শিল্পী কে কে ৰ আকস্মিক মৃত্যু(KK passes away) ৷ চিকিৎসকে সন্দেহ প্ৰকাশ কৰা অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স হৈছিল মাত্ৰ 53 বছৰ ৷

KK passes away after concert in Kolkata
কলকাতাত আকস্মিক মৃত্যু

চিটাৰা ডেস্ক, 1 জুন : বলীউডৰ জনপ্ৰিয় গায়ক, শিল্পী কে কে ওৰফে কৃষ্ণকুমাৰ কুন্নাথৰ মঙলবাৰে নিশা কলকাতাত আকস্মিক মৃত্যু(KK passes away) ৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 53 বছৰ ৷ কে কে-এ মঙলবাৰে সন্ধিয়া দক্ষিণ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত এক সংগীতানুষ্ঠানত জীৱনৰ অন্তিমটো অনুষ্ঠান পৰিৱেশন কৰিছিল ৷

অনুষ্ঠান পৰিৱেশনৰ পিছত(KK after concert in Kolkata) তেওঁ হোটেলত উপস্থিত হোৱাৰ সময়তে অসুস্থতা অনুভৱ কৰি ঢলি পৰে । ততালিকে শিল্পীগৰাকীক হোটেলৰ সমীপত থকা এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিল্পীগৰাকীক মৃত ঘোষণা কৰে ৷ মৃত্যুৰ সময়ত পত্নীৰ লগতে দুটি সন্তানক শিল্পীগৰাকীয়ে ইহসংসাৰত এৰি যায় ৷

চিকিৎসালয়খনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে সদৰি কৰা অনুসৰি, নিশা প্ৰায় 10 বজাত গায়কগৰাকীক চিকিৎসালয়লৈ অনা হৈছিল যদিও তাৰপূৰ্বে তেওঁ মৃত্যুক আঁকোৱালি(Singer KK dies in Kolkata) লয় ৷

চিকিৎসকে সন্দেহ প্ৰকাশ কৰা অনুসৰি, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে ৷ কলকাতা আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ জানিবলৈ বুধবাৰে মৰণোত্তৰ পৰীক্ষা কৰা হ’ব ৷ শিল্পীগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোকপ্ৰকাশ কৰি কয় যে, কে কে ৰাইজৰ মাজত সদায়ে তেওঁৰ সৃষ্টিৰাজীৰে স্মৰণীয় হৈ ৰ’ব ৷ মোডীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ টুইটযোগে সমবেদনা জ্ঞাপন কৰে ৷

  • Saddened by the untimely demise of noted singer Krishnakumar Kunnath popularly known as KK. His songs reflected a wide range of emotions as struck a chord with people of all age groups. We will always remember him through his songs. Condolences to his family and fans. Om Shanti.

    — Narendra Modi (@narendramodi) May 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

শিল্পীগৰাকীৰ পত্নী আৰু দুই পুত্ৰ বুধবাৰে পুৱা উপস্থিত হ'ব কলকাতাত । কলকাতালৈ দুদিনীয়া ভ্ৰমণলৈ যোৱা কে কে-এ বুধবাৰে পুনৰ নতুন দিল্লীলৈ উভতি অহাৰ কথা আছিল । পূৰ্বৰ গায়ক তথা বৰ্তমানৰ পশ্চিমবংগৰ ৰাজনৈতিক নেতা বাবুল সুপ্ৰিয়(TMC leader Babul Supriyo) ই এই খবৰ লাভৰ পিছতে চিকিৎসালয়ত উপস্থিত হৈ শোকপ্ৰকাশ কৰে ৷ সুপ্ৰিয়ই কয় যে, শিল্পীগৰাকীৰ সৈতে তেওঁৰ বহুতো ব্যক্তিগত স্মৃতি জড়িত হৈ আছে ৷ দুয়োগৰাকীয়ে একেলগে কেৰিয়াৰৰ পাতনি মেলা বুলিও তেওঁ উল্লেখ কৰে ৷

"ভাৰতত ৰক সংগীতৰ উপস্থাপনত কে কে-ৰ বৃহৎ অৱদান আছে", টিএমচিৰ বিধায়ক সুপ্ৰিয়ই এনেদৰে কয় ৷ উল্লেখ্য যে, শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত চিকিৎসালয়ৰ বাহিৰত গোট খাই অনেক গুণমুগ্ধ তথা অনুৰাগী ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়ৰ বাহিৰত মোতায়েন কৰা হৈছিল আৰক্ষীৰ এটা দল ৷

প্যাৰ কে পল(Pyaar Ke Pal) আৰু য়াৰো(Yaaron) ৰ দৰে এটাৰ পিছত আনটো সৃষ্টি হিট হোৱাত শিল্পীগৰাকী অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰে ৷ এগৰাকী প্লে-বেক ছিংগাৰ হিচাপে তেওঁ Ankhon Mein Teri (Om Shanti Om), Zara Sa (Jannat), Khuda Jaane (Bachna Ae Hasino) and Tadap Tadap (Hum Dil De Chuke Sanam) আদিৰ দৰে বলীউডৰ জনপ্ৰিয় গীতসমূহত কণ্ঠ দান কৰি অনুৰাগীৰ মাজত প্ৰশংসিত হৈছিল ৷ ইয়াৰোপৰি শিল্পীগৰাকীয়ে তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী আৰু বঙালী ভাষাতো গানসমূহ লিপিবদ্ধ(KK contribution to music) কৰিছে ।

লগতে চাওক: অন্তিম বিদায় সিদ্ধু মুছেৱালা : চিৰপ্ৰবাহমান হৈ ৰ’ব মাথো তেওঁৰ সৃষ্টিৰাজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.