ETV Bharat / entertainment

The Kerala Story: মমতা বেনাৰ্জীৰ ওপৰত কিয় খং উঠিল পৰিচালক সুদীপ্ত সেনৰ ? - দ্য কেৰালা ষ্ট’ৰী অসমীয়া নিউজ

পশ্চিমবংগত নিষিদ্ধ কৰা হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’ ৷ ইয়াৰ পিচতে এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিচালক সুদীপ্ত সেনে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ছবিখন চাবলৈ আহ্বান জনাইছে পৰিচালকগৰাকীয়ে ।

Kerala Story director Sudipto Sen said unfortunate Mamata Banerjee without watching film banned it
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ছবিখন চাবলৈ আহ্বান জনাইছে পৰিচালকগৰাকীয়ে
author img

By

Published : May 9, 2023, 7:57 PM IST

চিটাৰা ডেস্ক, 9 মে’: সোমবাৰে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন নিষিদ্ধ কৰিছে (The Kerala Story) ৷ পশ্চিমবংগত ছবিখন নিষিদ্ধ কৰাৰ এদিন পিচতে ছবি নিৰ্মাতা সুদীপ্ত সেনে এই সিদ্ধান্ত “ৰাজনৈতিকভাৱে প্ৰেৰিত” বুলি অভিহিত কৰে ৷ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ছবিখন চাবলৈ আহ্বান জনায় আৰু ছবিখন চাই পিচত হে সিদ্ধান্ত ল’বলৈ আহ্বান জনায় (The Kerala Story news)।

সুদীপ্ত সেনে এটা সংবাদ সংস্থাক কয় যে, মমতা বেনাৰ্জীয়ে ছবিখন নেদেখাকৈ নিষিদ্ধ কৰাটো অতি দুৰ্ভাগ্যজনক’। সুদীপ্ত সেনে কয়, ‘ছবিখনৰ বাবে ৰাজ্যত এটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই (Kerala Story director Sudipto Sen)। এই ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত । মই তেওঁলোকক ছবিখন চাবলৈ আৰু তাৰ পিচত সিদ্ধান্ত ল’বলৈ অনুৰোধ জনাইছো ।" তেওঁ কয় যে যোৱা চাৰিদিন ধৰি পশ্চিম বংগত ছবিখনে বহুত ভাল কাম কৰি আছিল আৰু হাউচফুল আছিল ছবিগৃহ (Kerala story ban in West bengal)।

‘দ্য কেৰালা ষ্ট’ৰী’ৰ পৰিচালকে কয়,"মমতা দিদিয়ে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পিচত মাজভাগত ছবিগৃহত প্ৰদৰ্শন বন্ধ কৰি দিছিল একাংশ লোকে । মই কোনো ৰাজনীতিবিদ নহয়, মই এজন চলচ্চিত্ৰ নিৰ্মাতা । মই মাত্ৰ এখন ছবি বনাব পাৰো, চাব বিচাৰে বা নিবিচাৰে । সেই সিদ্ধান্ত মানুহে ল’ব । চাৰিদিন কলকাতাত ছবিখন মুক্তি লাভ কৰোতে কোনো সমস্যা নাছিল, হঠাৎ দিদিয়ে অনুভৱ কৰিলে যে আইন-শৃংখলাৰ সমস্যা হ’ব পাৰে ।"

তেওঁ লগতে কয়, "মহুৱা মৈত্ৰ, মমতা বেনাৰ্জী, তেওঁলোক বাক স্বাধীনতাৰ চেম্পিয়ন, মানৱ অধিকাৰৰ চেম্পিয়ন, যেতিয়া পদ্মৱাত ছবি নিষিদ্ধ হৈছিল, মমতা বেনাৰ্জী আছিল ছবিখনৰ সমৰ্থন কৰা প্ৰথম ৰাজনৈতিক নেত্ৰী । কিন্তু নাজানো কি সমস্যা হৈছে । মোৰ ছবিখনক লৈ তেওঁ ভাবিলে যে আইন-শৃংখলাৰ সমস্যা আছে ।"

মমতা বেনাৰ্জীয়ে কৈছিল যে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনক লৈ ৰাজ্যখনত হ’ব পৰা ‘ঘৃণা আৰু হিংসাৰ যিকোনো কাণ্ডৰ পৰা হাত সাৰিবলৈ আৰু শান্তি বজাই ৰাখিবলৈ নিষিদ্ধ কৰা হৈছে । সুদীপ্ত সেনে কয়, "মই তেওঁক অনুৰোধ কৰিছো যে তেওঁ প্ৰথমে ছবিখন চাওক আৰু ৰাইজৰ মতামতৰ ওপৰত সিদ্ধান্ত নল’ব । আপোনালোকে ছবিখন ভাল পাব, গৌৰৱ কৰিব যে এজন বাঙালী পৰিচালকে এই দায়িত্বশীল ছবিখন নিৰ্মাণ কৰিলে ।" লগতে তেওঁ কয় যে ছবিখন মুক্তি নোপোৱালৈকে বহু বিতৰ্ক হৈছিল, বিতৰ্ক চলি আছিল ।

পৰিচালকগৰাকীয়ে লগতে কয় যে ছবিখন চোৱাৰ পিচত সকলোৱে ছবিখন ইমানেই ভাল পাবলৈ ধৰিলে যে সকলো বিতৰ্ক স্বয়ংক্ৰিয়ভাৱে শেষ হৈ গ’ল । এটা সমস্যা আছিল আৰু সেয়াও তামিলনাডুত ডাঙৰ সমস্যা নাছিল । ছবিগৃহৰ মালিকক ভাবুকি দিছিল এজন ব্যক্তিয়ে । প্ৰতিবাৰেই যদি তামিলনাডুত কিবা ইছ্যু হয়, সেই মানুজনে থিয় হৈ সমস্যাৰ সৃষ্টি কৰে । এই সকলোবোৰৰ পিচত তামিলনাডু উচ্চ ন্যায়ালয়ে আমাক অনুমতি দি ক’লে যে যদিহে চেন্সৰ ব’ৰ্ডে ইতিমধ্যে ক্লিয়াৰ কৰিছে তেন্তে ছবিখন নিষিদ্ধ কৰাৰ কোনো যুক্তি নাই ।

বিবাহৰ জৰিয়তে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিচত আইএছআইএছ শিবিৰলৈ সৰবৰাহ কৰা তিনিগৰাকী মহিলাৰ কাহিনী বৰ্ণনা কৰা এই ছবিখন নিষিদ্ধ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় পশ্চিমবংগ । (ইনপুট-এনআই)

লগতে পঢ়ক: Himanta Biswa Sarma : দ্য কেৰালা ষ্ট’ৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.