এনেটো হিন্দী চিনেমা জগতত হাঁহিৰ খোৰাক বিলোৱা কমেডীৰ ৰজাৰ অভাৱ নাই । প্ৰতিটো যুগত এনে ইজনৰ পিছত আনজন মহাৰথী আহিছে যাৰ নাম শুনিলে মুখত হাঁহি বিৰিঙি উঠে । কিন্তু আজি আমি এই প্ৰতিবেদনত ৯০ৰ দশকৰ এনে এগৰাকী কমেডিয়ান শিল্পীৰ কথা ক’বলৈ ওলাইছো, যাৰ ফালৰ পৰা হাঁহিৰ খোৰাক দিয়াৰ প্ৰক্ৰিয়া অবিৰতভাৱে চলি আছে আৰু আজিও তেওঁৰ কমেডী দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় । ৪০ বছৰ ধৰি এই চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত হৈ চাৰি দশকৰ পাছতো তেওঁ কেৱল হিট নহয়, ছুপাৰহিট । আমি আন কাৰো নহয় কিং অৱ কমেডী জনী লিভাৰৰ কথাই কৈছো । যাক বলীউড জগতত কমেডীৰ ৰজা বুলি আখ্য়া দিয়া হয় ৷ আজি তেওঁৰ ৬৬ সংখ্যক জন্মদিন ৷
১৯৮২ চনত কেৰিয়াৰ আৰম্ভ হয়
কোৱা হয় যে, ১৯৮২ চনত জনী লিভাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ছবিখনৰ নাম আছিল ‘দৰ্দ কা ৰিস্তা’ । অৱশ্যে ৰূপালী পৰ্দাত নিজৰ এক পৰিচয় দাঙি ধৰিবলৈ তেওঁৰ বহু সময় লাগিছিল । কিন্তু ৯০ৰ দশকত যেতিয়া জনী লিভাৰে ইখনৰ পিছত আনখন ছবিত দূৰ্দান্ত প্ৰদৰ্শন দেখুৱাবলৈ আৰম্ভ কৰিছিল তেতিয়াই তেওঁ এক প্ৰকৃত পৰিচয় তথা খ্যাতি লাভ কৰিছিল । সেই সময়ত তেওঁ ছবিৰ পৰ্দাত আহিলেই দৰ্শকে হাঁহিবলৈ আৰম্ভ কৰিছিল । অলপ সময়ৰ ভিতৰতে তেওঁ বিখ্যাত হৈ সকলোৰে প্ৰথম পছন্দ হৈ পৰিল । কিন্তু পদপথৰ পৰা ছবিৰ পৰ্দালৈ জনী লিভাৰৰ বাবে এই যাত্ৰা সহজ নাছিল ।
জনী লিভাৰেও জীৱনত বহু উত্থান-পতন দেখি সংগ্ৰাম কৰিছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি সপ্তম মানত পঢ়ি থাকোঁতে আৰ্থিক অসুবিধাৰ বাবে তেওঁ স্কুল এৰিবলগীয়া হৈছিল । ইয়াৰ পিছত তেওঁ ৰাজপথত কলম বিক্ৰী কৰিবলৈ ধৰিলে । সেই সময়ত তেওঁ বলীউডৰ ছুপাৰষ্টাৰৰ মিমিক্ৰী কৰি কলম বিক্ৰী কৰিছিল ।
জনী লিভাৰ তেওঁৰ প্ৰকৃত নাম নাছিল
হয়... আজি সমগ্ৰ পৃথিৱীতে তেওঁক এই নামেৰে চিনি পালেও, সেয়া তেওঁৰ প্ৰকৃত নাম নাছিল । বৰঞ্চ ইয়াৰ আঁৰতো এটা আকৰ্ষণীয় কাহিনী আছে । কোৱা হয় যে, জনী লিভাৰৰ পিতৃয়ে আগতে দেশৰ সৰ্ববৃহৎ কোম্পানী হিন্দুস্তান লিভাৰত কাম কৰিছিল আৰু কাৰ্যালয়ৰ বিশেষ অনুষ্ঠানত জনীয়ে বলীউডৰ অভিনেতাৰ মিমিক্ৰী কৰিছিল । তাৰ পিছত তাত থকা লোকে কোম্পানীটোৰ নামেৰে তেওঁৰ নাম ৰাখিলে জনী লিভাৰ । কিন্তু, তেওঁৰ প্ৰকৃত নাম হৈছে জন প্ৰকাশ ৰাও জানুমালা ।
লগতে পঢ়ক: Jawan: জৱানৰ ক্লিপ ভাইৰেল; আৰক্ষী থানাত দাখিল এফআইআৰ