ETV Bharat / entertainment

Jawan: গানৰ শ্বুটিঙৰ বাবে নয়নতৰা-এছ আৰ কে দেখা গ’ল একেলগে, শ্বুটিঙৰ স্থানৰ পৰা এটলীৰ ছবি ভাইৰেল

author img

By

Published : Apr 11, 2023, 10:10 PM IST

মঙলবাৰে মুম্বাইৰ বান্দ্ৰাত নয়নতৰা আৰু শ্বাহৰুখ খানক আগন্তুক ছবি জৱানৰ গীতৰ ছিকুৱেন্সৰ শ্বুটিঙৰ বাবে দেখা পোৱা গৈছিল (Nayanthara shoots with Shah Rukh Khan)।

Jawan: Nayanthara-SRK shoot for peppy song; Atlee's picture from location viral
নয়নতৰা আৰু শ্বাহৰুখ খানক আগন্তুক ছবি জৱানৰ গীতৰ ছিকুৱেন্সৰ শ্বুটিঙৰ বাবে দেখা গৈছে

চিটাৰা ডেস্ক, 11 এপ্ৰিল: মুম্বাইৰ বান্দ্ৰা ফ’ৰ্ট আৰু বান্দ্ৰা–ৱৰ্লি ছি লিংকত আজি নয়নতৰা আৰু শ্বাহৰুখ খানক জৱান ছবিখনৰ বাবে গীতৰ চিত্ৰগ্ৰহণ কৰা দেখা গ’ল । খবৰ অনুসৰি ফৰাহ খানে জৱানৰ গীতটিৰ বাবে কোৰিঅ’গ্ৰাফী কৰিছিল আৰু সোমবাৰে বেলাৰ্ডত নয়নতৰা আৰু এছ আৰ কে এই গীতটিৰ বাবে শ্বুটিং কৰিছিল । শ্বাহৰুখ খান আৰু পৰিচালক এটলী কুমাৰৰ ফটো সামাজিক মাধ্যমত বহুকেইটা ফেন পেজে প্ৰকাশ কৰা দেখা যায় (Nayanthara shoots with Shah Rukh Khan)।

ফৰহাই শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত ফৰাহক সাগৰৰ পাৰত পোজ দিয়া দেখা যায় । যদিও তেওঁ জৱান গীতৰ শ্বুটিং কৰিছে নে নাই সেই কথা প্ৰকাশ কৰা নাই ৷ খবৰ অনুসৰি এছ আৰ কে আৰু নয়নতৰাৰ সৈতে জড়িত এই পেপি নম্বৰৰ তেওঁ কোৰিঅ’গ্ৰাফী কৰিব । ছবিখন শ্বেয়াৰ কৰি ফৰাহাই লিখিছে, "লং টাইম ন' ছি #shootlife #sealink #mumbai pic credit: @dop_gkvishnu।" ইফালে, এটলীয়ে মুম্বাইত এজন অনুৰাগীৰ সৈতে প’জ দিয়া এখন ছবিও সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Nayanthara shoots Bollywood song with SRK) ।

এছ আৰ কে আৰু নয়নতৰাৰ অভিনীত জৱান ছবিখন সমগ্ৰ ভাৰততে পাঁচটা ভিন্ন ভাষাত মুক্তি লাভ কৰিব ৷ হিন্দী, তামিল, তেলুগু, মালায়ালম, আৰু কানাড়া ভাষাত ছবিখন মুক্তি লাভ কৰিব । ছবিখনত বিজয় ছেঠুপতি, প্ৰিয়মণি, যোগী বাবু আৰু সুনীল গ্ৰভাৰেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । এটলীৰ নেতৃত্বত নিৰ্মিত এই ছবিখন জুন মাহত মুক্তি পাব যদিও ছবিখনৰ মুক্তিৰ সময় পিছুৱাই দিয়াৰ সম্ভাৱনা আছে (Shah Rukh Khan) ।

ইফালে, অভিনেতাগৰাকীয়ে আগন্তুক একচন থ্ৰিলাৰ ছবিখনত এছ আৰ কেৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব নয়নতৰা ৷ অভিনেত্ৰীগৰাকীৰ বিষয়ে এই খবৰ প্ৰকাশ পোৱাৰ পিচৰ পৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে নয়নতৰাই (Nayanthara Bollywood debut song in Jawaan)। যমজ সন্তানক আদৰণি জনোৱা অভিনেত্ৰীগৰাকীয়ে নিজৰ কামৰ পৰা বিৰতি লৈ পিতৃ-মাতৃত্বত মনোনিৱেশ কৰিছিল । কিন্তু এতিয়া জৱান ছবিখনৰ জৰিয়তে পুনৰ একচনলৈ ঘূৰি অহাৰ বাবে তেওঁৰ অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই আছে । মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নয়নতৰাই ছবিখনৰ কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিং কৰিবলৈ মুম্বাইত আছিল।

লগতে পঢ়ক: KKBKKJ Trailer : ছলমানে শ্বেহনাজক দিলে আগবাঢ়ি যোৱাৰ পৰামৰ্শ, উত্তৰত পঞ্জাৱৰ কেটৰিণা কাইফে ক’লে এই কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.