ETV Bharat / entertainment

Jaane Jaan Trailer out: হত্যাৰ ৰহস্য আৰু এটা গোপন কথা, মুকলি হ’ল কৰীনা কাপুৰৰ ছবি জানে জানৰ ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:20 PM IST

কৰীনাৰ কাপুৰৰ ছবি জানে জানৰ ট্ৰেইলাৰ মুকলি হ’ল । অভিনেত্ৰীগৰাকীৰ উপৰিও বিজয় ভাৰ্মা আৰু জয়দীপ আহলাৱটে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। হত্যাৰ ৰহস্যক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে ছবিখনৰ কাহিনী ।

Jaane Jaan trailer out: Kareena Kapoor Khan aces intense role in OTT debut with Vijay Varma, Jaideep Ahlawat
জানে জানৰ ট্ৰেইলাৰ মুকলি

চিটাৰা ডেস্ক, 5 ছেপ্টেম্বৰ: বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে দীৰ্ঘদিন ধৰি ডাঙৰ পৰ্দাত নিজৰ অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে । কিন্তু এতিয়া ক্ৰমান্বয়ে তাৰকাবোৰে ডাঙৰ পৰ্দাৰ পৰিৱৰ্তে অ’টিটিৰ দিশে ধাৱমান হৈছে ৷ এনে পৰিস্থিতিত পিচ পৰি থকা নাই কৰীনাও ৷ এইবাৰ কৰীনাই অ’টিটিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে ৷ সুজয় ঘোষৰ ছবি ‘জানে জান’ৰ জৰিয়তে অ’টিটিত আত্মপ্ৰকাশ কৰিব কৰীনা । আজি মুকলি হৈছে কৰীনাৰ ছবিখনৰ ট্ৰেইলাৰ ।

ট্ৰেইলাৰ আৰম্ভ হৈছে কৰীনা কাপুৰৰ পৰা । গোটেই ট্ৰেইলাৰটো চোৱাৰ পিছত যি কাহিনী ওলাইছে সেয়া যথেষ্ট আকৰ্ষণীয় । কাহিনীটোত কৰীনাই কাৰোবাক হত্যা কৰে। যদিও এই হত্যাকাণ্ড কৰীনাৰ বাবে সহজ নাছিল । কাৰণ বহু চিনত কৰীনাকো নিজকে বচাই থকা দেখা যায় । কৰীনাৰ বাহিৰেও এই ছবিখনৰ দুটা চৰিত্ৰ অতি বিশেষ । এজন কৰীনাৰ চুবুৰীয়া যাৰ চৰিত্ৰত অভিনয় কৰিছে জয়দীপ আহলাৱটে। দ্বিতীয়টো গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে বিজয় ভাৰ্মাই অভিনয় কৰা এজন পুলিচৰ চৰিত্ৰ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজয় ভাৰ্মাই হত্যাৰ ৰহস্য সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা দেখা গৈছে । অৱশ্যে নিজৰ সত্যটো লুকুৱাই ৰাখিবলৈ কৰীনাই দুয়োকে নিজৰ প্ৰেমৰ জালত আৱদ্ধ কৰি লয়। কেৱল এয়াই নহয়, কৰীনাই ছবিখনত চুমা খোৱাৰ দৃশ্যও দেখা পোৱা যায় ৷ ট্ৰেইলাৰৰ শেষত কৰীনাই নিজেই আগবাঢ়ি গৈ বিজয় ভাৰ্মাক চুমা খোৱা দেখা গৈছে। অৱশ্যে কৰীনাৰ গোপন কথা সকলোৰে আগত প্ৰকাশ হয় নে নহয় সেয়া ছবিখন চোৱাৰ পিছতহে গম পোৱা যাব।

উল্লেখ্য় য়ে, কৰীনাৰ ছবি জানে জান নেটফ্লিক্সত ২১ ছেপ্টেম্বৰত ষ্ট্ৰীম হ’ব। কৰীনাৰ অনুৰাগীসকল অতিশয় উৎসাহিত এই ছবিখনক লৈ । কাৰণ কৰীনাক আগতে এই ধৰণৰ চৰিত্ৰত অভিনয় কৰা দেখা পোৱা নাই। জয়দীপ আহলাৱটৰ লুকটোও যেন ছবিখনত বহুত সলনি হৈছে । জানে জানৰ বাবে নিজৰ লুক সম্পূৰ্ণৰূপে সলনি কৰিছে জয়দীপ আহলাৱটে ।

লগতে পঢ়ক: Fukrey 3 Trailer: আকৌ এবাৰ আহি আছে Fukrey 3, কেতিয়া মুকলি হ’ব ট্ৰেইলাৰ জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.