ETV Bharat / entertainment

Aryan Khan: ৱেব ছিৰিজৰ জৰিয়তে বলীউডত ভৰি দিব আৰিয়ান খানে; কি হ’ব শিৰোনাম ?

author img

By

Published : May 1, 2023, 12:45 PM IST

পৰিচালক হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খান । ছবি নহয়, ৱেব ছিৰিজ হ’ব আৰিয়ানৰ কেৰিয়াৰৰ প্ৰথমটো প্ৰজেক্ট (Title of Aryan Khan directorial debut) ।

Is THIS the title of Aryan Khans directorial debut?
পৰিচালক হিচাপে বলীউডত আৰিয়ানৰ প্ৰথমটো প্ৰজেক্ট

চিটাৰা ডেস্ক, 1 মে’: বিগত কিছুদিনৰ পৰা যথেষ্ট চৰ্চাত আছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান (Shahrukh Khan)। শেহতীয়াকৈ এটা বিজ্ঞাপনত দেখা গৈছিল আৰিয়ানক, পিতৃ শ্বাহৰুখৰ সৈতে আত্মপ্ৰকাশ কৰিছিল বিজ্ঞাপনটোত । বহুদিন ধৰি চৰ্চা চলিছিল যে আৰিয়ান অতি সোনকালেই পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব আৰু অৱশেষত সেই সময় আহিল । ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ অধীনত প্ৰথমটো প্ৰজেক্ট নিৰ্মাণ কৰিবলৈ ওলাইছে আৰিয়ান খানে (Aryan Khan Directorial Debut)।

ৱেব ছিৰিজৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব আৰিয়ান খান

২০২২ চনৰ ডিচেম্বৰ মাহত আৰিয়ান খানে পৰিচালক হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল (Aryan Khan) । লগতে তেওঁ লিখা চিত্ৰনাট্যখনৰ এখন ছবিও শ্বেয়াৰ কৰে, য’ত তেওঁ লিখিছিল, ‘কেন’ট ৱেট টু চে একচন’। অৱশেষত আৰিয়ানে ইয়াৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে, যিটোক লৈ তেওঁৰ অনুৰাগীসকল অতিশয় উৎসাহিত (Title of Aryan Khan directorial debut) ।

লগতে পঢ়ক: Kangana Ranaut : ছলমানখানলৈ একাধিকবাৰ মৃত্যুৰ ভাবুকি; কি ক’লে কংগনাই ?

আৰিয়ানৰ ৱেব ছিৰিজৰ নাম কি ?

তথ্য অনুসৰি এই ৱেব-ছিৰিজৰ ছটা খণ্ড থাকিব আৰু ইয়াৰ নাম দিয়া হৈছে ‘ষ্টাৰডম’ (Aryan Khan series stardom) । আৰিয়ানে সাহিত্যিক বিলাল ছিদ্দিকীৰ সৈতে সহযোগীভাৱে লিখিছে এই ধাৰাবাহিকখন । এই ধাৰাবাহিকখনৰ বিষয়ে অধিক আপডেটৰ বাবে অপেক্ষা কৰা হৈছে । এই মুহূৰ্তত আৰিয়ানৰ এই ৱেব-ছিৰিজৰ ঘোষণাই অনুৰাগীৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে (Aryan Khan directorial debut)।

ইফালে আৰিয়ান খানে নিজৰ ব্ৰেণ্ডৰ পৰিচালক হিচাপে প্ৰথমটো বিজ্ঞাপন দিছিল, য’ত তেওঁৰ পিতৃ শ্বাহৰুখ খানকো দেখা গৈছিল । আন্তঃৰাষ্ট্ৰীয় আলোচনী এখনক দিয়া এক সাক্ষাৎকাৰত আৰিয়ানে পিতৃৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কয় যে তেওঁৰ সৈতে কাম কৰাটো প্ৰত্যাহ্বানজনক নহয়, কিয়নো তেওঁৰ অভিজ্ঞতা আৰু নিষ্ঠাৰ বাবেই তেওঁ চেটত সকলোৰে কাম সহজ কৰি তোলে।

লগতে পঢ়ক: Arjun Rampal's girlfriend: পুনৰ গৰ্ভৱতী হ’ল অৰ্জুন ৰামপালৰ প্ৰেমিকা, বল্ড আউটফিটত বেবী বাম্পৰ ফটো শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.