ETV Bharat / entertainment

SS Rajamouli : ছবি হিট হোৱাৰ আঁৰৰ ৰহস্য ক’লে পৰিচালক ৰাজামৌলিয়ে

আপুনি বাৰু জাননে কি কি কাৰণত ছবি নিৰ্মাতা এছ এছ ৰাজামৌলীৰ ছবি হিট হয় ? ছবি হিট হোৱাৰ আঁৰৰ ৰহস্যৰ সাংবাদিকৰ আগত উল্লেখ কৰে খোদ ৰাজামৌলীয়ে (SS Rajamouli) ৷ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন ৷

author img

By

Published : Mar 1, 2023, 10:03 PM IST

I MAKE FILM FOR POEPLE DO NOT HAVE HIDDEN AGENDA SAYS SS RAJAMOULI
ছবি নিৰ্মাতা এছ এছ ৰাজামৌলী

চিটাৰা ডেস্ক, 1 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ প্ৰবীণ পৰিচালক এছ এছ ৰাজামৌলীক আজিৰ যুগত কোনে চিনি নাপায় ৷ দক্ষিণ চলচ্চিত্ৰ জগতখনক এটাৰ পিচত আনটো হিট ছবি উপহাৰ দি আহিছে নিৰ্মাতাগৰাকীয়ে ৷ বাহুবলী ছবিৰ পৰা আদি কৰি বৰ্তমান আৰ আৰ আৰ ছবিৰ জৰিয়তে বিশ্বজুৰি খ্যাত হৈ পৰিছে ৰাজামৌলীয়ে । ৰাজামৌলীৰ শেহতীয়া আৰ আৰ আৰ ছবিখনত ইমানেই প্ৰাণ ঢালি দিছে যে এবাৰ চাই মন নভৰে অনুৰাগীৰ ৷ কোনো কোনো অনুৰাগীয়ে 8-9 বাৰ পৰ্যন্ত ছবিগৃহত চাবলৈ গৈছে RRR ৷

এই ছবিখনে দৰ্শকক অন্য এক পৃথিৱীলৈ লৈ যায়, য’ত আছে আবেগ, অনুভূতি, একচন, ভাতৃত্ববোধ, বন্ধুত্বৰ দৃঢ় সম্পৰ্ক, দেশ মাতৃৰ প্ৰতি থকা শ্ৰদ্ধা আৰু সন্মান । অৰ্থাৎ সামগ্ৰিকভাৱে ই এখন সম্পূৰ্ণ মনোৰঞ্জনমূলক ছবি । ৰাজামৌলীয়ে এই সন্দৰ্ভত কয় যে তেওঁ কেৱল আৰু কেৱল ৰাইজৰ বাবেহে ছবি নিৰ্মাণ কৰে । কাৰণ ৰাইজে নিজৰ পকেটৰ ধন খৰচ কৰি ছবিগৃহত চাবলৈ আহে নিৰ্মাতাগৰাকীয়ে নিৰ্মাণ কৰা ছবি ৷ গতিকে তেওঁৰ মতে সম্পূৰ্ণ মনোৰঞ্জন পাব লাগে দৰ্শকে (SS Rajamoulis suggestion for Bollywood) ৷

শেহতীয়া এক সাক্ষাৎকাৰত ৰাজমৌলিক অস্কাৰৰ বিষয়ে সোধাত তেওঁ কয়, ‘আৰ আৰ আৰ ছবিখনে অবিৰতভাৱে বঁটা লাভ কৰি আছে ৷ কিন্তু মই যিমান দূৰ বুজি পাইছো, আমি এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছো ৷ আমি দক্ষিণ কোৰিয়াৰ ছবি, তেওঁলোকৰ ছবি নিৰ্মাণৰ ধৰণটো চাব লাগে । তেওঁলোকৰ পৰা আমি বহুত শিকিবলৈ পাম । যদি বলীউডে এই বিষয়ত গুৰুত্ব দিয়ে, তেন্তে তেওঁলোকেও ভাল কন্টেন্টৰ ছবিৰ ওপৰত গুৰুত্ব দিব পাৰিব (SS Rajamouli Slams Extremism) ।'

ৰাজামৌলিৰ হিট ছবিৰ আঁৰৰ ৰহস্য কি ?

এই সাক্ষাৎকাৰত ৰাজামৌলীক সোধা হৈছিল যে আৰ আৰ আৰ ছবিখন কোনো উদ্দেশ্যত নিৰ্মাণ কৰা হৈছিল নেকি? এই প্ৰশ্নৰ উত্তৰত নিৰ্মাতাগৰাকীয়ে কয়, ‘নাই, এই ছবিখন নিৰ্মাণৰ আঁৰত আমাৰ কোনো উদ্দেশ্য নাছিল (SS Rajamouli says he doesn't have any hidden agenda) ৷ ছবি এখন নিৰ্মাণ কৰাৰ আগত সদায় মই দৰ্শকৰ কথা চিন্তা কৰো ৷ তেনেকৈয়ে এই ছবিখন নিৰ্মাণৰ সময়তো মই দৰ্শকৰ কথা মনত ৰাখিছিলো ৷ কাৰণ দৰ্শকে নিজৰ কষ্টোপাৰ্জিত ধনেৰে মোৰ ছবিখন চাবলৈ আহে ৷"

তেওঁ লগতে কয়,"মই ভাবো যে তেওঁলোকে ছবিগৃহত আহক, ছবি চাওঁক আৰু ছবিখনৰ পৰা সম্পূৰ্ণ মনোৰঞ্জন পাওক ৷ এই উদ্দেশ্য আগত ৰাখিয়েই মই সদায় এখন ছবি নিৰ্মাণ কৰো ৷ " এনেবোৰ দিশৰ বাবেই হয়তো ৰাজামৌলীৰ সকলো ছবি ব্লকবাষ্টাৰ হয় ৷ আপুনি ৰাজামৌলীৰ কোন কেইখন হিট ছবি চাইছে ? কমেন্ট কৰি জনাওক ৷

লগতে পঢ়ক: Deepika on Pathaan: পাঠান বিতৰ্কক লৈ কি ক’লে অভিনেত্ৰী দীপিকা পাডুকনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.