ETV Bharat / entertainment

Ram Charan And Upasana: ৰাম চৰণ-উপাসনাৰ কন্যাৰ নাৰ্চাৰী চালেনে ? বিভিন্ন পুতলাৰে সজোৱা এই নাৰ্চাৰীয়ে আকৰ্ষিত কৰিছে অনুৰাগীক

চাউথৰ ছুপাৰষ্টাৰ ৰাম চৰণ আৰু উপাসনাই আজিকালি তেওঁলোকৰ কন্যাৰ সৈতে অধিক সময় কটাবলগীয়া হৈছে । ইফালে তেওঁৰ প্ৰিয় কন্যাৰ বাবে তেওঁলোকে এটি মৰমলগা কোঠালী তৈয়াৰ কৰিছে ৷

Have you seen the nursery of Ram Charan and Upasana's daughter?
ৰাম চৰণ উপাসনাৰ কন্যাৰ নাৰ্চাৰী
author img

By

Published : Jul 14, 2023, 9:08 PM IST

Updated : Jul 14, 2023, 10:31 PM IST

চিটাৰা ডেস্ক, 14 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ ৰাম চৰণৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ হৈছে । অভিনেতাগৰাকী আৰু তেওঁৰ পত্নী উপাসনাৰ জীৱনলৈ আহিছে এগৰাকী কণমানি অতিথি । উল্লেখ্যে যে, বিগত ২০ জুনত উপাসনাই এটি কন্যা সন্তান জন্ম দিয়ে ।

ইয়াৰ সমান্তৰালকৈ তেওঁ নিজৰ কন্যাৰ নামো ইতিমধ্যে প্ৰকাশ কৰিছে । ৰাম চৰণ আৰু উপাসনাৰ জীৱনৰ এই ডাঙৰ সুখৰ বাবে তেওঁলোকে বহুদিনৰ পৰা অপেক্ষা কৰি আছিল । এতিয়া তেওঁৰ কণমানি ছোৱালীজনীৰ কোলাহল প্ৰতিদিনে তেওঁৰ ঘৰত প্ৰতিধ্বনিত হৈ আছে ।

ৰাম চৰণ আৰু তেওঁ পত্নী উপাসনাই নিজৰ মৰমৰ কন্যাৰ নাম ৰাখিছে ক্লিন কাৰা কনিডেলা । উপাসনা আৰু ৰামে কন্যাক আদৰিবলৈ কোনো পৰ্যায় বাকী ৰখা নাই । কন্যাক আদৰণি জনোৱাৰ আগতেই অভিনেতাগৰাকীয়ে কন্যাৰ বাবে এখন নাৰ্চাৰী প্ৰস্তুত কৰিছিল । যাৰ আভাস এতিয়া সকলোৰে মাজত উপাসনাই ভাগ কৰিছে ।

শিশুৰ বাবে ডিজাইন কৰা এই নাৰ্চাৰীৰ থিম বগা আৰু জংঘলৰ ওপৰত আধাৰিত । শ্বেয়াৰ কৰা ভিডিঅ’টোত আৰ্টিষ্ট গৰাকীয়েও এই বিষয়ে উল্লেখ কৰা দেখা গৈছে ।

উপাসনাৰ মাতৃগৃহত শিশুটিৰ বাবে এই নাৰ্চাৰী প্ৰস্তুত কৰা হৈছে । ভিডিঅ’টোত দেখা যায় যে আৰ্টিষ্ট গৰাকীয়ে কেনেদৰে পেঞ্চিলেৰে প্ৰথম জীৱ-জন্তু তৈয়াৰ কৰা দেখা গৈছে । পিছত নাৰ্চাৰীৰ বেৰত জীৱ-জন্তুৰ পোষ্টাৰ এখন লগাই দিছে । কেৱল এয়াই নহয় গোটেই নাৰ্চাৰীখন বিভিন্ন খেলনাৰে ভৰি আছে । যিবোৰ বহু ধৰণে কোঠাটোত ৰখা হৈছে । ৰামৰ কন্যাৰ এই নাৰ্চাৰীখন দেখি সকলোৰে হৃদয় সুখেৰে ভৰি পৰিছে ।

এই ভিডিঅ'টো আৰ্কিটেকচাৰেল ডাইজেষ্ট ইণ্ডিয়াইও শ্বেয়াৰ কৰিছে । উপাসনাই আৰ্টিষ্ট গৰাকীৰ কাম খুবেই পচন্দ কৰিছে আৰু কয় যে কোঠাটোত তেওঁ আৰু ৰামৰ বাবে গুৰুত্বপূৰ্ণ বস্তু, আনকি ষ্টাফড খেলনাও আছিল – ভেড়াৰ পোৱালি, পেংগুইন, শহাপহু, হাতী আদি চফ্ট টয় ।

তেওঁৰ মতে, ৱাল পেপাৰত ৰামৰ ব্যক্তিত্ব প্ৰতিফলিত হৈছে । অনুৰাগী সকলোকো ৰামৰ কন্যাৰ এই কোঠাটো খুবেই আকৰ্ষিত কৰিছে । উপাসনা আৰু ৰাম দুয়োজনে এই থিম পচন্দ কৰিছে ।

লগতে পঢ়ক: Billion hearts praying for you: এইসকল তাৰকাইও চন্দ্ৰযান-৩ লৈ শুভেচ্ছা জ্ঞাপন কৰি ক’লে এনেদৰে

Last Updated : Jul 14, 2023, 10:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.