ETV Bharat / entertainment

iphone 15 pro max : ফাৰাহ খানকে ধৰি এই তাৰকাসকলে ক্ৰয় কৰিলে মেড ইন ইণ্ডিয়া আইফোন ১৫ প্ৰ’ মেক্স, চাওক ফটো

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 2:55 PM IST

বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা তথা কৰিঅ’গ্ৰাফাৰ ফাৰাহ খানকে ধৰি এই তাৰকাসকলে মেড ইন ইণ্ডিয়া আইফোন ১৫ প্ৰ’ মেক্স ক্ৰয় কৰি অনুৰাগীৰ সৈতে ইয়াৰ প্ৰথম আভাস শ্বেয়াৰ কৰিছে। চাওক ফটো ৷

Farah khan and other celebs buy made in india iphone 15 pro max, show a glimpse to fans, SEE
ফাৰাহ খানে শ্বেয়াৰ কৰিলে আইফোন ১৫ প্ৰ’ মেক্স আভাস

চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা দেশৰ এপ’ল ষ্ট’ৰত আইফোন প্ৰ’ মেক্সৰ বিক্ৰী আৰম্ভ হৈছে । পুৱা ৩ বজাৰ পৰা মুম্বাইৰ বি কে চি ষ্ট’ৰত শাৰী পাতি থিয় হৈছে গ্ৰাহক ৷ কিন্তু ষ্ট’ৰ খোলা হৈছে পুৱা ৮ বজাত হে । সাধাৰণতে ষ্ট’ৰখন পুৱা ১১ বজাত খোলে । কিন্তু যিহেতু আজি আইফোন প্ৰ’ মেক্সৰ বিক্ৰী আৰম্ভ হৈছে সেয়েহে, পুৱা ৮ বজাত খুলিলে ষ্ট’ৰ ৷ মুম্বাইত যেন এক প্ৰকাৰে আৰম্ভ হৈছে আইফোন ১৫ প্ৰ’ মেক্স ক্ৰয়ৰ প্ৰতিযোগিতা ৷ কোনে কাৰ আগত ক্ৰয় কৰিব পাৰে এই ফোনটো ৷ মুঠৰ ওপৰত আইফোন ১৫ প্ৰ’ মেক্সক লৈ দেখা গৈছে গ্ৰাহকৰ মাজত উৎসুকতা ৷ ইফালে মুম্বাইত দেশৰ প্ৰতিটো কোণৰ পৰা গ্ৰাহক আহিছে আইফোন ১৫ প্ৰ’ মেক্স ক্ৰয় কৰিবলৈ ।

বলীউডত পোনপ্ৰথমে কোনে ক্ৰয় কৰিলে এই ফোনটো ?

বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক তথা নৃত্য পৰিচালক ফাৰাহ খানে ক্ৰয় কৰিলে আইফোন ১৫ প্ৰ’ মেক্স ৷ আইফোন ১৫ প্ৰ’ মেক্স ক্ৰয় কৰি তাৰ সৈতে নিজৰ ফটো শ্বেয়াৰ কৰিছে পৰিচালকগৰাকীয়ে । ফাৰাহ খানে ২২ ছেপ্টেম্বৰৰ পুৱা আইফোন ১৫ প্ৰ’ মেক্সৰ সৈতে প্ৰথমখন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি আইফোন ১৫ প্ৰ’ মেক্সৰ বিষয়ে ক’লে কিছু কথা ।

ফাৰাহ খানে আইফোন ১৫ প্ৰ’ মেক্সৰ সৈতে নিজৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছে, ‘‘হেলো গৰ্জিয়াছ, আইফোন ১৫ প্ৰ’ মেক্স, শ্বট অন আইফোন ১৫ প্ৰ’ মেক্স, মেড ইন ইণ্ডিয়া ।’’ একে সময়তে চাউথ চিনেমা আৰু বলীউডৰ সক্ৰিয় অভিনেতা আৰ মাধৱনেও আইফোন ১৫ প্ৰ’ মেক্সৰ আভাস নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ।

Farah khan and other celebs buy made in india iphone 15 pro max, show a glimpse to fans, SEE
মাধৱনে শ্বেয়াৰ কৰিলে আইফোন ১৫ প্ৰ’ মেক্স আভাস

উল্লেখ্য যে, দেশত প্ৰথমবাৰৰ বাবে মেড ইণ্ডিয়া আইফোন নিৰ্মাণ কৰা হৈছে আৰু আজি ২২ ছেপ্টেম্বৰৰ পৰা মুম্বাইৰ বি কে চি ষ্ট’ৰত বিক্ৰী আৰম্ভ হৈছে । ষ্ট’ৰৰ পৰা অহা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত আইফোনৰ শেহতীয়া সংস্কৰণ কিনিব বিচৰা গ্ৰাহকৰ লানি নিছিগা সুত বৈছে ৷

মন কৰিবলগীয়া যে ২০১৬ চনৰ পৰা ভাৰতত আইফোন নিৰ্মাণ কৰা হৈছে। সাধাৰণতে লঞ্চ কৰাৰ পিচত বিক্ৰী আৰম্ভ হয় যদিও এইবাৰ প্ৰক্ৰিয়াটো ইয়াৰ বিপৰীত।

লগতে পঢ়ক: 15 Pro Pro Max iphone : এপ'লৰ প্ৰথম টাইটেনিয়াম ডিজাইন আইফোন ১৫ প্ৰো প্ৰো মেক্স মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.