চিটাৰা ডেস্ক, 15 অক্টোবৰ: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ পৰা আহিছে এটা দুখৰ খবৰ । দেওবাৰে ইহলীলা সম্বৰণ কৰিলে তামিল চিনেমাৰ জনপ্ৰিয় কলা নিৰ্দেশক মিলান ফাৰ্নাণ্ডেছে । আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰা মিলানৰ হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ । আজাৰবাইজানত ছবিৰ শ্বুটিঙত ব্যস্ত হৈ থকাৰ সময়তে হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ।
উল্লেখ্য যে, অজিত কুমাৰৰ অভিনীত ছবি ‘বিদা মুয়াৰচি’ৰ শ্বুটিং আজাৰবাইজানত চলি আছিল আৰু ছবিখন পৰিচালনা কৰি আছিল মেগিছ থিৰুমেনী । মিলানো একেটা শ্বুটিঙতে নিয়োজিত হৈছিল ৷ কিন্তু শ্বুটিঙৰ চেটৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁৰ লগত সংঘটিত হয় সেই অনাকাংক্ষিত ঘটনাটো ৷ মিলানৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ পৰে চলচ্চিত্ৰ জগতখনত ৷
ইফালে বহু চলচ্চিত্ৰ ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । চেন্নাইত জন্মগ্ৰহণ কৰা মিলান ফাৰ্নাণ্ডেজে ১৯৯৯ চনত তামিল চলচ্চিত্ৰ জগতত কাম কৰিবলৈ আৰম্ভ কৰে । প্ৰথম অৱস্থাত মিলানে জনপ্ৰিয় কলা নিৰ্দেশক ছাবু চাইৰিলৰ সৈতে কাম কৰিছিল ।
মিলানে অজিত কুমাৰৰ চিটিজেন (২০০১), থালাপথী বিজয়ৰ থামিজান (২০০২), অজিতৰ ৰেইড (২০০২), ভিলেইন (২০০২) আৰু চিয়ান বিক্ৰমৰ অন্নিয়ান (২০০৫) ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰিছে । ইয়াৰ পিচত কলা নিৰ্দেশক হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ‘কলাবা কধলান’, এই ছবিখন ২০০৬ চনত মুক্তি লাভ কৰে । ইয়াৰ পিচত মিলান ফাৰ্নাণ্ডেজে ২০০৭ চনত মুক্তি পোৱা ‘অৰাম পৌ’ ছবিখনত কাম কৰে ।
মিলানে নিজৰ জীৱনত ৩০ খনতকৈও অধিক ছবিত কাম কৰিছে । তেওঁ অজিত কুমাৰৰ অভিনীত বহু ছবিত কলা নিৰ্দেশক হিচাপে কাম কৰিছিল । সেয়েহে, তেওঁ আছিল অজিতৰ প্ৰিয় কলা নিৰ্দেশক । ইয়াৰ উপৰিও তেওঁ বহু বিজ্ঞাপনৰ বাবে কলা নিৰ্দেশক হিচাপেও কাম কৰি আহিছে । শক্তি মছলা, আচি মছলা, আৰ এম কে ভি ছিল্কছ, সৰৱনা ষ্ট’ৰ, পথিছ আদি কোম্পানীৰ বিজ্ঞাপনত কাম কৰি আহিছে । মিলনৰ অন্যতম জনপ্ৰিয় ৰচনা হৈছে ২০০৭ চনত মুক্তি পোৱা অজিত কুমাৰৰ ছবি ‘বিল্লা’ ।
লগতে পঢ়ক: PV Gangadharan Death: মালয়ালম চলচ্চিত্ৰ প্ৰযোজক পিভি গংগাধৰণৰ দেহাৱসান