ETV Bharat / entertainment

অপেক্ষাৰ অন্ত ! মুকলি হ’ল ডাংকিৰ ট্ৰেইলাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 12:08 PM IST

Updated : Dec 5, 2023, 12:23 PM IST

Dunki Trailer Out: শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি Dunki ৰ ট্ৰেইলাৰ মুকলি । ইয়াত চাওক ছবিখনৰ ট্ৰেইলাৰ ৷

Dunki trailer: Shah Rukh Khan embarks on remarkable journey of love, friendship and nostalgia
ডাংকিৰ ট্ৰেইলাৰ মুক্তি

চিটাৰা ডেস্ক, ৫ ডিচেম্বৰ: টিজাৰ আৰু দুটা গীত মুকলি কৰাৰ পিচত অৱশেষত মঙলবাৰে মুক্তি পালে শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি 'Dunki' ৰ জোৰদাৰ ট্ৰেইলাৰ ৷ অনুৰাগীয়ে এই ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ একে সময়তে অনুৰাগীৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই নিৰ্মাতাই অৱশেষত আজি এই ছবিখনৰ ড্ৰপ ৪ মুকলি কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শ্বাহৰুখ খানৰ ‘ডাংকি’ৰ জোৰদাৰ ড্ৰপ ৪ মুকলি

নিজৰ আগন্তুক ছবিখনৰ ড্ৰপ ৪ নিজৰ ইনষ্টাগ্ৰামত মুকলি কৰি শ্বাহৰুখ খানে কেপচনত লিখিছে, ‘‘এই কাহিনীটো মই আৰম্ভ কৰিছিলো, লালটুৰ পৰা ! গতিকে আৰম্ভণি যিহেতু মই কৰিছিলো সেয়া শেষো মইয়ে কৰিম. . মোৰ গাধ কেইটাৰ সৈতে । ডাংকিৰ ট্ৰেইলাৰে আপোনালোকক দেখুৱাব ৰাজু ছাৰৰ দৃষ্টিভংগীৰে আৰম্ভ হোৱা এক যাত্ৰা । ই আপোনাক বন্ধুত্বৰ এক উন্মাদ যাত্ৰাত লৈ যাব, জীৱনৰ কমেডী আৰু ট্ৰেজেডী আৰু ঘৰ আৰু পৰিয়ালৰ প্ৰতি নষ্টালজিক হৈ পৰিব । অপেক্ষা শেষ, #DunkiDrop4 – এতিয়া ওলাইছে ! #Dunki 21 ডিচেম্বৰ, 2023 তাৰিখে বিশ্বজুৰি ছবিগৃহত মুক্তি পাব ।”

ডাংকিৰ ট্ৰেইলাৰ কেনেকুৱা

৩ মিনিট ২ ছেকেণ্ডৰ ট্ৰেইলাৰটোৰ আৰম্ভণিতে হাৰ্ডিয়ে (শ্বাহৰুখ খান) তেওঁৰ কাহিনী বৰ্ণনা কৰিছে, যিটো ১৯৯৫ চনত লালটুত আৰম্ভ হয়, য’ত তেওঁ তেওঁৰ চাৰিজন বন্ধুক লগ পায় । এই সকলো বন্ধুৰ লণ্ডনলৈ যোৱাৰ হেঁপাহ থাকে । তাৰ পিচত হাৰ্ডিয়ে দৰ্শকক তেওঁৰ বন্ধু বল্লী যি এগৰাকী নাপিত, কাপোৰৰ দোকান চলোৱা হুগু আৰু ইংৰাজী ক’বলৈ ভাল পোৱা সুখীৰ সৈতে চিনাকি কৰাই দিয়ে, লগতে হাৰ্ডিৰ বাবে পৃথিৱীৰ সৈতে যুঁজিব পৰা মনুকো চিনাকি কৰাই দিয়ে ।

বৰদিনৰ দিনা মুক্তি পাব ‘ডাংকি’

জিঅ’ ষ্টুডিঅ’, ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ৰাজকুমাৰ হিৰানী ফিল্মছৰ প্ৰডাকচন বেনাৰত ৰাজকুমাৰ হিৰানী আৰু গৌৰী খানে যৌথভাৱে মুক্তি দিব ডাংকি । অভিজাত যোশী, ৰাজকুমাৰ হিৰানী আৰু কণিকা ধিল্লনৰ দ্বাৰা ৰচিত এই ছবিখন ২০২৩ চনৰ ২১ ডিচেম্বৰত বিশ্বজুৰি মুক্তি পাব ।

লগতে পঢ়ক: প্ৰভাস অভিনীত ছালাৰৰ অগ্ৰিম বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?

Last Updated : Dec 5, 2023, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.