ETV Bharat / entertainment

12th Fail Trailer Out: UPSC ত সফলতাৰ আধাৰত নিৰ্মিত বিক্ৰান্ত মচ্ছীৰ ‘12th Fail’ ৰ ট্ৰেইলাৰ মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:16 PM IST

বলীউড অভিনেতা বিক্ৰান্ত মচ্ছীৰ আগন্তুক ছবি ‘12th Fail’ৰ ট্ৰেইলাৰ আজি মুকলি হ’ল । য’ত ইউ পি এছ চি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিক্ৰান্ত মচ্ছীৰ প্ৰেৰণাদায়ক যাত্ৰা দেখুওৱা হৈছে ।

Actor Vikrant massey film 12 th fail trailer release Glimpse of the inspiring story of UPSC exam
12th Fail’ৰ ট্ৰেইলাৰ মুকলি হ’ল

চিটাৰা ডেস্ক, 3 অক্টোবৰ: আহি আছে বিধু বিনোদ চোপ্ৰাৰ পৰৱৰ্তী একাডেমিক নাটক ছবি ‘12th Fail’ । কেইসপ্তাহমানৰ আগতে তেওঁ ছবিখনৰ টিজাৰ মুকলি কৰি কৈছিল যে তেওঁৰ ছবিখন ইউ পি এছ চিৰ প্ৰাৰ্থীৰ কাহিনীৰ আধাৰত নিৰ্মিত । এতিয়া ৩ অক্টোবৰত মুক্তি লাভ কৰিলে ‘12th Fail’ ৰ ট্ৰেইলাৰ ।

ছবিখনৰ ট্ৰেইলাৰ

  • n" class="align-text-top noRightClick twitterSection" data="n">n

12th Fail ৰ ট্ৰেইলাৰ আৰম্ভ হৈছে বিক্ৰান্ত মচ্ছীৰ পৰা । ছবিখনত মনোজ কুমাৰ শৰ্মাৰ চৰিত্ৰত দেখা যাব অভিনেতাগৰাকীক ৷ চম্বলৰ এখন গাঁৱৰ পৰা দিল্লীৰ মুখাৰ্জী নগৰলৈ গৈ ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলোৱা মনোজ কুমাৰ শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মচ্ছীয়ে । ইয়ালৈ অহাৰ পিচত তেওঁ শৌচাগাৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি পঢ়া-শুনা অব্যাহত ৰখালৈকে বহুতো সৰু-ডাঙৰ কাম কৰিবলগীয়া হয়, কাৰণ তেওঁৰ পৰিয়ালটোৱে আৰ্থিক অনাটনৰ সৈতে যুঁজি আছে ৷ যাৰ বাবে পৰিয়ালে তেওঁৰ খৰচ বহন কৰিব নোৱাৰে ।

অতি কষ্ট কৰি পৰীক্ষা দিয়াৰ পিচতো বাৰে বাৰে ব্যৰ্থ হোৱাত মনোজৰ মনোবল ভাঙি যায়, যদিও আকৌ পূৰ্ণ উদ্যমেৰে আৰম্ভ কৰে চেষ্টা । ছবিখনত ইউ পি এছ চিৰ আকাংক্ষিতসকলৰ সফলতা আৰু বিফলতাৰ কাহিনী দেখুওৱা হয় ।

কাহিনীটো বাস্তৱ কাহিনীৰ ওপৰত আধাৰিত

12th Fail ছবিখনৰ কাহিনী বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত । এই ছবিখন অনুৰাগ পাঠকে ৰচনা কৰা ‘12th Fail’ নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত, য’ত আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মা আৰু আই আৰ এছ বিষয়া শ্ৰদ্ধা যোশীৰ যাত্ৰাৰ কথা কোৱা হৈছে । এইখিনিতে উল্লেখ কৰিব লাগিব যে 12th Fail ৰ শ্বুটিং প্ৰকৃত ছাত্ৰ-ছাত্ৰীৰ মাজত বাস্তৱিক স্থানত কৰা হৈছে ।

কেতিয়া মুক্তি পাব ছবিখন ?

12th Fail ছবিখন পৰিচালনা কৰিছে 3 Idiots ৰ নিৰ্মাতা বিধু বিনোদ চোপ্ৰাই । এই ছবিখনৰ প্ৰযোজনা কৰিছে জি ষ্টুডিঅ’ই । এই ছবিখন ২০২৩ চনৰ 27 অক্টোবৰত ছবিগৃহত মুক্তি পাব । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিক্ৰান্ত মচ্ছীয়ে । তামিল, তেলেগু আৰু মালয়ালমৰ লগতে হিন্দী ভাষাত মুক্তি পাব 12th Fail ।

লগতে পঢ়ক: Anupam Kher in Ayodhya: অযোধ্যাত ৰাম মন্দিৰৰ প্ৰস্তুতিৰ আভাস শ্বেয়াৰ কৰিলে অনুপম খেৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.