ETV Bharat / entertainment

হৃদৰোগত আক্ৰান্ত আমীৰ খানৰ মাতৃ জিনাত হুছেইন - Zeenat Hussein suffers heart attack

চুপাৰষ্টাৰ আমীৰ খানৰ মাতৃ জিনাত হুছেইন অলপতে হৃদৰোগত আক্ৰান্ত হৈছিল ।

Aamir Khan
আমীৰ খানৰ মাতৃ জিনাত হুছেইন
author img

By

Published : Oct 31, 2022, 9:49 AM IST

চিটাৰা ডেস্ক, 31 অক্টোবৰ : চুপাৰষ্টাৰ আমীৰ খানৰ মাতৃ জিনাত হুছেইন অলপতে হৃদৰোগত আক্ৰান্ত হৈছিল । এক সূত্ৰ অনুসৰি, অভিনেতাজনৰ মাতৃ বৰ্তমান মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আমীৰৰ ঘনিষ্ঠ সূত্ৰটোৱে এইটোও জনাইছে যে দেৱালীৰ সময়ত অভিনেতাজনৰ মাতৃ হৃদৰোগত আক্ৰান্ত হৈছিল ।

মাকৰ হাৰ্ট এটেক অহাৰ সময়ত আমীৰ তেওঁলোকৰ পঞ্চগণি বাসগৃহত মাকৰ সৈতেই আছিল ৷ লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । জুন মাহত আমীৰে গোটেই পৰিয়ালটোৰ সৈতে মাকৰ জন্মদিন উদযাপন কৰিছিল । উদযাপনৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল য’ত আমীৰৰ মাতৃয়ে তেওঁৰ বাসগৃহত জন্মদিনৰ কেক কাটি থকা দেখা গৈছিল । আমীৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু তেওঁলোকৰ পুত্ৰ আজাদো এই উদযাপনত উপস্থিত আছিল ।

পেছাদাৰী ফ্ৰণ্টত আমীৰক দেখা গৈছিল কৰীণা কাপুৰ খানৰ সৈতে লাল সিং চড্ডা ছবিখনত । ছবিখনে দৰ্শকক আপ্লুত কৰিলে যদিও বক্স অফিচত প্ৰদৰ্শন ভাল কৰিব নোৱাৰিলে । মুক্তিৰ সময়ত ছবিখন বহু বিতৰ্কৰ মাজত ছবিগৃহলৈ আহে । একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে আমীৰৰ বিতৰ্কিত "ভাৰতৰ ক্ৰমবৰ্ধমান অসহিষ্ণুতা বিবৃতি" খুচৰি উলিয়াই মাইক্ৰ' ব্লগিং চাইটত প্ৰচাৰ কৰিছিল । দৰাচলতে 2015 চনত আমীৰে এক সাক্ষাৎকাৰত কৈছিল, আমাৰ দেশখন অতি সহনশীল, কিন্তু কু-ইচ্ছা বিয়পোৱা মানুহ বহুত আছে । তেওঁলোকৰ সন্তানৰ সুৰক্ষাৰ বাবে দেশ এৰি যোৱাৰ কথা চিন্তা কৰা বুলিও তেওঁৰ পত্নী কিৰণ ৰাওৱে শিৰোনাম দখল কৰিছিল ।

বিশেষ সাক্ষাৎকাৰটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰ ব্যৱহাৰকাৰীসকলে #BoycottLaalSinghChaddha আৰু #Boycottaamirkhan আদি হেচটেগ ব্যৱহাৰ কৰি ছবিখনৰ মুক্তিৰ পূৰ্বে পোষ্ট দিছিল । লাল সিং চড্ডাৰ শ্বুটিং কৰি থকাৰ সময়ত আমীৰে তুৰস্কৰ ফাৰ্ষ্ট লেডী এমিন এৰদোগানক লগ পাইছিল । তুৰস্কৰ ক্ৰমাৎ ভাৰত বিৰোধী আৰু পাকিস্তান সমৰ্থক স্থিতিৰ পটভূমিত এই বৈঠকত নেটিজেনসকল অসন্তুষ্ট হৈ পৰিছিল ।

"বৰ্জন বলীউড... বৰ্জন আমীৰ খান... বৰ্জন লাল সিং চড্ডা... মোৰ দুখ লাগিছে কাৰণ বহু লোকে বিশ্বাস কৰে যে মই ভাৰতক ভাল নোপোৱা মানুহ...ই একেবাৰে অসত্য । মই সঁচাকৈয়ে দেশখনক ভাল পাওঁ...। কিছুমান মানুহৰ তেনে অনুভৱ হোৱাটো যথেষ্ট দুৰ্ভাগ্যজনক । মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে এই কথা সঁচা নহয় গতিকে অনুগ্ৰহ কৰি মোৰ ছবি বৰ্জন নকৰিব, অনুগ্ৰহ কৰি মোৰ ছবি চাওক", আমীৰে এইদৰে কৈছিল । আমীৰে এতিয়ালৈকে তেওঁৰ পৰৱৰ্তী প্ৰকল্পৰ কথা ঘোষণা কৰা নাই ।

লগতে পঢ়ক: Anushka Sharma instagram: চকড়া এক্সপ্ৰেছৰ কলকাতাৰ সূচী সামৰি অনুষ্কা শৰ্মাই ক’লে ‘ইট-প্ৰে-লৱ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.