ETV Bharat / entertainment

Saint Von Colucci Dies: প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল এইজন অভিনেতাৰ !

নিজকে বিটিএছৰ গায়ক জিমিনৰ দৰে দেখাবলৈ কানাডাৰ অভিনেতা ছেইণ্ট ভন কলুচিয়ে কৰিছিল ১২টা প্লাষ্টিক চাৰ্জাৰী ৷ কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰসাধন পদ্ধতিৰ জটিলতাত আক্ৰান্ত হৈ দক্ষিণ কোৰিয়াৰ এখন চিকিৎসালয়ত মৃত্যু হয় অভিনেতাগৰাকীৰ (Canadian actor Saint Von Colucci) ।

Canadian actor dies after undergoing 12 surgeries to look like BTS Jimin
বিটিএছৰ কণ্ঠশিল্পী জিমিনৰ দৰে দেখাবলৈ প্লাষ্টিক চাৰ্জাৰী কৰি মৃত্যুক সাবটি লয় কানাডাৰ অভিনেতা চেণ্ট ভন কলুচিয়ে
author img

By

Published : Apr 26, 2023, 5:34 PM IST

চিটাৰা ডেস্ক, 26 এপ্ৰিল: দক্ষিণ কোৰিয়াৰ এটা সাতজনীয়া বয় বেণ্ড অৰ্থাৎ বিটিএছ বৰ্তমান কেৱল দক্ষিণ কোৰিয়াতে নহয় বহু ৰাষ্ট্ৰত জনপ্ৰিয় ৷ সাতজনীয়া বয় বেণ্ডৰ ভিতৰত আছে, কণ্ঠশিল্পী জিন, মুখ্য ৰেপাৰ চুগা, মূল নৃত্যশিল্পী তথা ৰেপাৰ জে-হোপ, মূল ৰেপাৰ আৰ এম, মূল নৃত্যশিল্পী, মূল কণ্ঠশিল্পী জিমিন, কণ্ঠশিল্পী ভি আৰু মুখ্য নৃত্যশিল্পী তথা মুখ্য গায়ক জংকুক ৷ বহু দেশত আছে বিটিএছৰ অনুৰাগী ৷ কিন্তু এই অনুৰাগীসমূহৰ ভিতৰত কিছুমান এনে অনুৰাগীও আছে যিয়ে বিটিএছৰ বাবে যি কোনো কাম কৰিব পাৰিব (Canadian actor Saint Von Colucci) ৷

শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হ’ল এগৰাকী অভিনেতাৰ ক্ষেত্ৰত ৷ বিটিএছৰ কণ্ঠশিল্পী জিমিনৰ দৰে দেখাবলৈ প্লাষ্টিক চাৰ্জাৰী কৰি মৃত্যুক সাবটি লয় কানাডাৰ অভিনেতা চেণ্ট ভন কলুচি ৷ প্লাষ্টিক চাৰ্জাৰী বাবেই মাত্ৰ ২২ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’বলগীয়া অভিনেতাগৰাকী । কলুচিয়ে নিজকে জিমিনৰ দৰে দেখাবলৈ ১২টা অস্ত্ৰোপচাৰ কৰিছিল ৷ কিন্তু অস্ত্ৰোপচাৰেই কাল হ’ল অভিনেতাগৰাকীৰ বাবে (Saint Von Colucci Dies) ৷

কলুচিয়ে কৰিছিল বহুকেইটা অস্ত্ৰোপচাৰ

তথ্য অনুসৰি কলুচিয়ে জনপ্ৰিয় বিটিএছ কণ্ঠশিল্পী জিমিন (Park Ji min)ৰ দৰে দেখাবলৈ প্ৰায় ১২টা প্ৰসাধন অস্ত্ৰোপচাৰ কৰিছিল ৷ কিন্তু প্ৰসাধন পদ্ধতিৰ জটিলতাত আক্ৰান্ত হৈ চিকিৎসালয়তে মৃত্যু হয় । অভিনেতাজনৰ থুথৰিৰ পৰা নাক, ভ্ৰু, ওঁঠ আৰু মুখলৈকে অস্ত্ৰোপচাৰ কৰা হয় (Canadian Actor Saint Von Colucci Dies)।

অস্ত্ৰোপচাৰত ব্যয় কৰে ১ কোটি টকা

জানিব পৰা মতে অভিনেতাজনে অস্ত্ৰোপচাৰ কৰাৰ কেইমাহমানৰ পিচত অস্ত্ৰোপচাৰৰ বিৰূপ প্ৰতিক্ৰিয়াৰ কথা পোহৰলৈ আহিবলৈ ধৰে, যাৰ বাবে তেওঁৰ অৱস্থা আৰু বেয়া হৈ পৰে । এনে পৰিস্থিতিত অভিনেতাজনে নিজৰ থুতৰিটো আঁতৰাই দিয়াৰ সিদ্ধান্ত লয় । ইয়াৰ বাবে শনিবাৰে নিশা তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় যদিও দেওবাৰে পুৱাই মৃত্যু হয় অভিনেতাজনৰ । জানিব পৰা এই সংক্ৰমণ ছেইণ্ট ভন কলুছিৰ সমগ্ৰ শৰীৰত বিয়পি পৰিছিল (Canadian actor dies after undergoing 12 surgeries)।

অভিনেতাগৰাকীৰ ৱৰ্কফ্ৰন্ট

অভিনেতাগৰাকীৰ কামৰ কথা কবলৈ গ’লে ২০১৯ চনত দক্ষিণ কোৰিয়ালৈ আহিছিল কলুচি । কোৰিয়া অভিনেতাগৰাকীয়ে বহুতো নাট্য ধাৰাবাহিকত কাম কৰি আছিল। কলুচিয়ে জুন মাহত কোৰিয়ান নাটক "প্ৰিটি লাইছ"ৰ শ্বুটিং আৰম্ভ কৰিছিল, যিটো ডিচেম্বৰ মাহত সমাপ্ত হৈছিল ।

লগতে পঢ়ক: Harry Belafonte: জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা হেৰী বেলাফণ্টেৰ দেহাৱসান; ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.