ডুমডুমা, 9 অক্টোবৰ : অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডুমডুমাৰ চাহ বাগিচা অঞ্চলসমূহত মাদক দ্ৰব্য নিবাৰণ কাৰ্যসূচী গ্ৰহণ কৰাৰ মাজতে বৃহস্পতিবাৰে দৈমুখীয়া চাহ বাগিচালৈ সৰবৰাহ কৰা প্ৰায় 120 লিটাৰ চুলাই মদ জব্দ কৰা হয় । AS 23 H 5211 নম্বৰ এখন বাহনত আনি থকা চুলাই মদ জব্দ কৰে আটছাৰ কৰ্মীসকলে ।
ইয়াৰ পাচতে আবকাৰী বিভাগক খবৰ দিয়াত আবকাৰী বিভাগ ঘটনাস্থলিত উপস্তিত হৈ মদসমূহ জব্দ কৰাৰ লগতে চুলাই ব্যৱসায়ী শনিদাস তাঁতীক আটক কৰে । একাংশ আবকাৰী বিষয়াৰ গাফিলতিৰ অভিযোগ তুলি আবকাৰী বিভাগৰ বিষয়াক আটছা কৰ্মীসকলে ঘেৰাও কৰি বিভিন্ন প্ৰশ্নবান কৰাৰ লগতে চাহ বাগিচা অঞ্চলত অবৈধ চুলাই মদ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনোৱা কৰে ৷
লগতে পঢ়ক : বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক