ETV Bharat / city

Road Accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

author img

By

Published : Jan 11, 2022, 9:32 PM IST

মঙলবাৰে তেজপুৰত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজনকৈ যুৱকে মৃত্যুক আকোঁৱালি লয় ৷ মটৰচাইকেল আৰোহী যুৱকদ্বয়ে সন্মুখেৰে আহি থকা এখন বাহনত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় (Road accident in Tezpur) ৷

Road Accident in Tezpur
তেজপুৰত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু

তেজপুৰ, ১১ জানুৱাৰী : তেজপুৰত মঙলবাৰে সংঘটিত এক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় ৷ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো (Road accident in Tezpur)৷

পুথিমাৰী শিৱ মন্দিৰ অঞ্চলৰ পংকজ গোৱালা আৰু চন্দন দাস নামৰ যুৱক দুজনে এখন গ্লেমাৰ মটৰ চাইকেলৰে তেজপুৰ অভিমুখে আহি থকা অৱস্থাত বিহগুৰিৰ চন্দ্ৰ নাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত এখন মেক্সিম’ গাড়ীৰে মুখামুখি সংঘৰ্ষ হয় ৷ মটৰচাইকেলখনৰ সন্মুখত হঠাতে এজন চাইকেল আৰোহী আহি পৰাত তেওঁক বচাবলৈ গৈ তীব্ৰবেগেৰে সন্মুখেৰে আহি থকা মেক্সিম’খনত খুন্দা মাৰে ৷ ফলত মটৰ চাইকেল আৰোহী দুজন গাড়ীখনৰ তলত সোমাই পৰে ৷

এই শোকাৱহ দুৰ্ঘটনাত পংকজ গোৱালাৰ থিতাতে মৃত্যু হয় ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চন্দন দাসক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ পিছতে মৃত্যুক আকোঁৱালি লয় ৷

উল্লেখ্য যে, নিহত চন্দন দাস চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ছাত্ৰ সংসদৰ সম্পাদক আছিল । উক্ত বিদ্যালয়খনত আয়োজিত প্ৰাক ভোগালী উৎসৱৰ আনন্দ উল্লাসৰ মাজতে বিদ্যালয়খনৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলায় ।

লগতে পঢ়ক: Wife Killed husband in Sonitpur : পত্নী-ভাইবোৱাৰীয়ে মিলি লাঠিৰে কোবাই হত্যা কৰিলে এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.