গুৱাহাটী, ১১ জানুৱাৰী : ৰাজ্যত ক'ভিডৰ সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে (Covid cases increasing in Assam)। মাত্র এটা সপ্তাহৰ ভিতৰতে ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ হাৰ প্রায় ৫ গুণলৈ বৃদ্ধি পাইছে । মঙলবাৰে ৰাজ্যখনত ২৮৩৭ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ৮৭০ গৰাকী গুৱাহাটী মহানগৰীৰ (Acovid cases in Guwahati city)। আক্ৰান্তৰ হাৰ ৫.৬৯ শতাংশ । মঙলবাৰে ৰাজ্যখনত ৪৯,৮৪০ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । দিনক দিনে আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ।
আনহাতে, নতুন বছৰটোত এই পর্যন্ত অসমত ক'ভিড আক্ৰান্তৰ সংখ্যাই ৮ হাজাৰৰ সীমা অতিক্রম কৰিছে । ইফালে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে পুনৰ ৰাজ্যজুৰি কঠোৰভাৱে ক'ভিড বিধি বলৱৎ কৰা হৈছে (Covid SOP issued in Assam) । চৰকাৰে ভেকচিন নােলােৱা লােকসকলক সকলাে ক্ষেত্ৰতে কঠোৰ বাধা নিষেধ জাৰি কৰাত এতিয়া পুনৰ ভেকচিন কেন্দ্ৰসমূহত ভেকচিন ল’বলৈ যােৱা লােকৰ ভিৰ বৃদ্ধি পাইছে ।
একেদৰে ক'ভিড বিধিৰ বাবে এটাৰ পাছত এটাকৈ ৰাজহুৱা অনুষ্ঠান পিছুৱাই দিয়া হৈছে নতুবা বাতিল কৰা হৈছে । ইফালে ১০ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি তৃতীয় পালি ভেকচিন বা বুষ্টাৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে (Booster dose vaccination in Assam)।
-
#AssamCovidUpdate
— NHM_Assam (@nhm_assam) January 11, 2022 " class="align-text-top noRightClick twitterSection" data="
Media Bulletin on #Covid19 #Assam and actions taken as on 11/01/2022. pic.twitter.com/ZjxC4w7Ayw
">#AssamCovidUpdate
— NHM_Assam (@nhm_assam) January 11, 2022
Media Bulletin on #Covid19 #Assam and actions taken as on 11/01/2022. pic.twitter.com/ZjxC4w7Ayw#AssamCovidUpdate
— NHM_Assam (@nhm_assam) January 11, 2022
Media Bulletin on #Covid19 #Assam and actions taken as on 11/01/2022. pic.twitter.com/ZjxC4w7Ayw
উল্লেখ্য যে, দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা ৰাজ্যখনত সংক্ৰমণৰ হাৰে ৬ শতাংশ অতিক্ৰম কৰিছে । বছৰটোৰ প্রথমটো দিনত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ আছিল মাত্র ০.৭৭ শতাংশ । কিন্তু ইয়াৰ বিপৰীতে ৯ জানুৱাৰীত আক্ৰান্তৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পায় । যোৱা 1 জানুৱাৰীত ৰাজ্যত মুঠ ৯৮৮ গৰাকী লােক ক'ভিডত আক্রান্ত হৈছিল আৰু ইয়াৰে ৪৯০ গৰাকী আছিল কামৰূপ মহানগৰ জিলাৰ ।
চলিত বছৰটোত এই পর্যন্ত ৰাজ্যত ক'ভিড আক্রান্ত হৈ ১৭ জন লােকৰ মৃত্যু হৈছে । আনহাতে অসমৰ সর্বাধিক সংক্রমণ এই পর্যন্ত কামৰূপ মহানগৰ জিলাত হৈছে । জিলাখনত বছৰটোৰ প্রথম দিনটোত যিমান লােক ক'ভিডত আক্ৰান্ত হৈছিল ৷ পৰৱর্তী পর্যায়ত এই পর্যন্ত আক্ৰান্তৰ সংখ্যাই প্রায় ৭ গুণ স্পর্শ কৰিছে গৈ । গুৱাহাটী মহানগৰীত কৰ'ণাত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিগত ১০ টা দিনত কেৱল গুৱাহাটী মহানগৰীতে ক’ভিডত আক্রান্ত হৈছে চাৰি সহস্ৰাধিক লোক ।
লক্ষণীয়ভাৱে ৰাজ্যৰ বিভিন্ন প্রান্তৰ বহুকেইখন শিক্ষানুষ্ঠানত ক'ভিডৰ ব্যাপক সংক্রমণ হৈছে (Covid cases in educational institution in Assam)। শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰু অসম কৃষি বিশ্ববিদ্যালয়ত ক'ভিডৰ সংক্ৰমণৰ বাবে কন্টেইনমেন্ট জ’ন ঘােষণা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, ক’ভিড পৰীক্ষা সামান্য বৃদ্ধি কৰোঁতেই দুগুণলৈ বৃদ্ধি পাইছে আক্রান্ত সংখ্যা । দেওবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ১৫,২৩৮জন লােক ক’ভিড পৰীক্ষা কৰাত ৯৮৮ জন লােকৰ পজিটিভ ধৰা পৰিছিল । কিন্তু সােমবাৰৰ দিনটোত ৪৮,৯৬৪ জন লােকৰ টেষ্ট কৰাত ২,১৯৮ জন লােকৰ ক’ভিড পজিটিভ ধৰা পৰে । অর্থাৎ মাত্র ১০ দিনতে ৰাজ্যত ক’ভিড সংক্ৰমণৰ সংখ্যা ১০০ পৰা ২,০০০লৈ বৃদ্ধি পালে ।
আনহাতে সোমবাৰৰ দিনটোত গুৱাহাটীতে ৭৬০ জনৰ দেহত পজিটিভ ধৰা পৰিছে । অৱশ্যে ক'ভিড দ্রুত সংক্ৰমণৰ বিপৰীতে ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা বর্তমানেও নিয়ন্ত্রণতে আছে । সােমবাৰে ক’ভিডত মৃত্যু হােৱা ৰােগীৰ সংখ্যা হৈছে ২জন । দ্বিতীয় ঢৌত এদিনতে ৩০-৪০জন ৰােগী মৃত্যুমুখত পৰা উদাহৰণ আছে । উদ্বেগজনক বিষয় যে আক্রান্ত ৯০ শতাংশই ক'ভিডৰ দুয়ােটা ড’জ লােৱা ব্যক্তি বুলিও স্বাস্থ্য বিভাগৰ সমীক্ষাত প্ৰকাশ পাইছে ।
শোণিতপুৰ জিলাত মঙলবাৰে উদ্বেগজনকভাবে বৃদ্ধি পাইছে ক’ভিড-19 ৰ সংক্ৰমণ (Covid cases in Sonitpur) ৷ যোৱা ২৪ ঘণ্টাত ১৯৬ জন লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ জিলাখনত এটা দিনত স্বাস্থ্য বিভাগে বিভিন্ন চিকিৎসালয়ত কৰা পৰীক্ষাৰ ফলত ১২১ জন লোক ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ।
লগতে পঢ়ক : Rajnath Singh tests positive for covid: ক'ভিডত আক্ৰান্ত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং