ETV Bharat / city

নিৰাপত্তাৰক্ষীক হাত-ভৰি বান্ধি ডিলাৰৰ পৰা ডকাইতে নিলে 7 খন বলেৰ’ পিক আপ ভান - গুডামৰ পৰা 7খন বলেৰো পিক আপ বাহনলৈ উধাও

তেজপুৰৰ ডেকাৰগাঁওস্থিত মহিন্দ্ৰা ডিলাৰৰ গুডামত ডকাইতি(Robbery in Mahindra Dealer in Tezpur) ৷ 7 খন বলেৰো পিক আপ বাহনলৈ উধাও ডকাইতৰ দল ৷ তেজপুৰ কলিয়াবৰ সংযোগী পথৰ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ এখন বাহন ৷

Robbery in Mahindra Dealer in Tezpur
মহিন্দ্ৰা ডিলাৰৰ গুডামৰ পৰা 7 খন বলেৰো পিক আপ বাহনলৈ উধাও
author img

By

Published : Apr 8, 2022, 2:24 PM IST

তেজপুৰ, 8 এপ্ৰিল : তেজপুৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড । তেজপুৰৰ ডেকাৰগাঁওস্থিত মহিন্দ্ৰা ডিলাৰৰ গুডামৰ পৰা সাতখনকৈ নতুন বলেৰো পিকআপ ভান লৈ উধাও হয় এটা ডকাইতৰ দল(Robbery in Mahindra Dealer in Tezpur) । নিশা নিৰাপত্তাৰ দায়িত্বত থকা দুজন চিকিউৰিটি গাৰ্ডক হাত ভৰি বান্ধি ডকাইতৰ দলটোৱে সংঘটিত কৰে উক্ত কাণ্ড ।

Robbery in Mahindra Dealer in Tezpur
মহিন্দ্ৰা ডিলাৰৰ গুডাম

12 জনীয়া ডকাইতৰ এটা দলে এই ঘটনা সংঘটিত কৰাৰ কথা জানিব পৰা হৈছে ৷ ঘটনা সংঘটিত হোৱা সময়ত ডিলাৰত মাত্ৰ দুজন সুৰক্ষা কৰ্মী আছিল । ডকাইতৰ দলটোৱে ডিলাৰত থকা মুঠ 109 খন গাড়ীৰ ভিতৰত 7 খন গাড়ী লৈ উধাও হয়(Bolero Pickup Van) । অৱশ্যে ইয়াৰে এখন বলেৰ’ তেজপুৰ কলিয়াবৰ সংযোগী পথৰ চুলুঙৰ 37(A) নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ কৰা হয় ।

মহিন্দ্ৰা ডিলাৰৰ গুডামৰ পৰা 7 খন বলেৰো পিক আপ বাহনলৈ উধাও

এই ডকাইতিকাণ্ডৰ ফলত ডিলাৰটোৰ প্ৰায় 75 লাখ টকাৰ ক্ষতি হয় বুলি জানিব পৰা হৈছে ৷

তাৎপৰ্যপূৰ্ণ যে, চাৰিওফালে ওখ দেৱালৰ মাজত মূল প্ৰৱেশদ্বাৰ থকা এই ডিলাৰৰ ভিতৰত নিশা 12 জনীয়া দলটো কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেয়া ৰহস্যৰ আৱৰ্তত ৷ তদুপৰি সমগ্ৰ ডিলাৰটোত নাছিল এটাও চি চি কেমেৰাৰ সংযোগ ৷ সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Encounter in Morigaon: আৰক্ষীৰ গুলিত আহত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.