তেজপুৰ, ১৩আগষ্ট : এক শিহৰণকাৰী দৃশ্য ৷ যি দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব ৷ চকুৰ প্ৰচাৰতে প্ৰায় 500 কিলোমিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিশ্চিহ্ন হৈ পৰিছে ৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে বহু লোকৰ ৷ এই বিশেষ ঘটনাটো সংঘটিত হৈছে অৰুণাচল প্ৰদেশত ৷
ঘটনা অনুসৰি অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ চিৰকী (Sirki) নামৰ ঠাই ডোখৰত 13 নং ৰাষ্ট্ৰীয় ঘাই পথৰ এছোৱা ভূমিস্খলনৰ ফলত তললৈ সোমাই পৰে । যি দৃশ্য বন্দী হ’ল স্থানীয় একাংশ লোকৰ মোবাইলত ৷ এই বিশেষ ঘটনাটো সংঘটিত হৈছে শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত ।
সম্প্ৰতি পূব চিয়াং জিলাৰ পাছিঘাটৰ পৰা পাংগিং পথৰ এই চিৰকী নামৰ ঠাইত ভূমিস্খলন হোৱাৰ ফলত এতিয়া যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে পাছিঘাট আৰু ৰেগ্গিং (Regging) অঞ্চলৰ মাজত । আনহাতে পাছিঘাটৰ পৰা চিয়াং, উজনি চিয়াং, পশ্চিম চিয়াং, সি-য়মী, এই চাৰিখন জিলাৰ মাজত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে ।
জানিব পৰা মতে, ধাৰাসাৰ বৰষুণৰ ফলত পাহাৰৰ হেলনীয়া ভাগ ক্ৰমান্বয়ে খহিবলৈ আৰম্ভ কৰিছিল ৷ যাৰ ফলস্বৰূপে শুকুৰবাৰে পাহাৰৰ নামনিত থকা অংশ সম্পূৰ্ণ খহি পৰাত ৰাষ্ট্ৰীয় ঘাই পথটো সম্পূৰ্ণ ৰূপে বিধস্ত হৈ পৰা বুলি জানিব পৰা গৈছে ৷ আনহাতে পাছিঘাট পাংগিং পথৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি স্থানীয় প্ৰশাসনে ঘোষণা কৰিছে ৷
লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত মফিজুল