তেজপুৰ,১৬ মাৰ্চ: "হাগ্ৰামা এটা পাম্প যোৱা ফুটবল, তেওঁৰ একো কাম নাই"-এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰৰ পৰা অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ পদ যাত্ৰাত ইটিভি ভাৰতৰ আগত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ।
তেজপুৰৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্তব্য কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে । প্ৰায় ৫ হাজাৰ লোকৰ বৃহৎ সমদলত তেজপুৰৰ ৰাইজে অগপ-বিজেপিৰ লগত ওলাই আহিল । ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বৰচলা সমষ্টিৰ বিহগুৰিত এখন ৰাজহুৱা সভাত গণেশ লিম্বুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।
লগতে পঢ়কঃ অতুল বৰাক তীব্ৰ সমালোচনা টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসৰ