ETV Bharat / city

জীয়া ভৰলীৰ বক্ষ খননৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Jan 25, 2022, 7:47 PM IST

জামুগুৰিহাটৰ জীয়া ভৰলী নদীত মঙলবাৰে খনন কাৰ্য চলোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (River bed dredging in Jiya Bharali)।

River bed dredging in Jiya Bharali
River bed dredging in Jiya Bharali

চতিয়া, ২৫ জানুৱাৰী : ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ কেবিনেটে ব্ৰহ্মপুত্ৰৰ উপ-নৈ সমূহত খনন কাৰ্য চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Dredging of tributaries of river Brahmaputra)৷ ইয়াৰ প্ৰথমটো পদক্ষেপ হিচাপে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীত মঙলবাৰে খনন কাৰ্য চলোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (River bed dredging in Jiya Bharali)।

River bed dredging in Jiya Bharali
জীয়া ভৰলীৰ বক্ষ খননৰ শুভাৰম্ভ

নদীখননৰ বাবে ইতিমধ্যে সুদূৰ মুম্বাইৰ পৰা আনি জীয়া ভৰলীৰ নদীৰ বুকুত স্থাপন কৰা হৈছে বৃহৎ যন্ত্ৰাংশ ৷ আয়তিৰ উৰুলি, ডবা, কাঁহ, শৃংখৰ ধ্বনিৰ মাজেৰে মুখ্যমন্ত্ৰী গৰাকীয়ে চুইচ টিপি শুভাৰম্ভ কৰে এই কাৰ্যৰ (CM Himanta Biswa Sarma in Sootea)। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসক লগত লৈ নদী খনন কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

জীয়া ভৰলীৰ বক্ষ খননৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অসমৰ উপ-নৈ সমূহ খননৰ দ্বাৰা ৰাজ্যৰ ভয়াৱহ বান আৰু গৰাখহনীয়া সমস্যাৰ (Flood and erosion in Assam) সমাধান কৰিব পৰা যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নদীখনন কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে জীয়া ভৰলী নদীৰ পাৰত অনুষ্ঠিত এখন সভাতো অংশ গ্ৰহণ কৰে । উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা জীয়া ভৰলী নদীৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে জামুগুৰিহাটৰ পশ্চিমাঞ্চালত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে । এই খননৰ দ্বাৰা বান-গৰাখহনীয়া ৰোধ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.