ETV Bharat / city

ডিমৌত বিশ্ব পৰিৱেশ দিৱস উদযাপন: বৃক্ষৰোপণ কাৰ্যসূচী - বৃক্ষৰোপন কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ২৬৭ বিধ আলহী পক্ষীৰ ৰম্যভূমি পানীদিহিঙৰ বুকুত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

ডিমৌত বিশ্ব পৰিৱেশ দিৱস উদযাপন : বৃক্ষৰোপন কাৰ্যসূচী
author img

By

Published : Jun 5, 2019, 2:56 PM IST

ডিমৌ,৫ জুন : বুধবাৰে পবিত্ৰ ঈদৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ডিমৌত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি‌ ৰাখি গছ-পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰকৃতিপ্ৰেমীয়ে বৃক্ষৰোপণেৰে প্ৰকৃতিৰ বুকু উপচাই পেলোৱাৰ সময়তে অসমৰ জৈৱ বৈচিত্ৰৰ অন্যতম ক্ষেত্ৰ ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যতো পূবেৰুণ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত আৰু শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েচনৰ সহযোগত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ২৬৭ বিধ আলহী পক্ষীৰ ৰম্যভূমি পানীদিহিঙৰ বুকুত বৃক্ষৰোপণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অজয় কুমাৰ গগৈয়ে।

ডিমৌত বিশ্ব পৰিৱেশ দিৱস উদযাপন : বৃক্ষৰোপন কাৰ্যসূচী

আনহাতে,ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগণত শিৱসাগৰ জিলা বন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰশাসনীয় বিষয়া,ছাত্ৰ-ছাত্ৰী,খেলুৱৈ আৰু সুৰক্ষা বাহিনী আই.টি.বি.পিৰ জোৱানসকলে। হাতত বন্দুকৰ সলনি গছ পুলি লৈ ব্যতিক্ৰমী ৰূপত জোৱানসকলে ছাত্ৰ - ছাত্ৰীসকলৰ সৈতে এনেদৰে গ্ৰাম্য ক্ৰীড়াংগণ চৌহদত বৃক্ষৰোপণ কৰে । বিশ্বজুৰি হোৱা গোলকীয় উঞ্চতা বৃদ্ধিৰ সময়ত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে এনেদৰে সকলোৱে লগে-ভাগে প্ৰকৃতিৰ বাবে অৱদান যোগোৱা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত শিৱসাগৰ জিলা বন বিষয়া জয়শ্ৰী নাইডিং,জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা,আই.টি.বি.পিৰ কামাণ্ডাৰ প্ৰকাশ গুপ্তা আদিকে ধৰি বহুজন চৰকাৰী বিষয়াই অংশ গ্ৰহণ কৰে।

*ডিমৌৰ বিভিন্ন অঞ্চলত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি‌ ৰাখি গজপুলি ৰোপণ-শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচী*
Story-PARIBEKH_DIVAS
Ananta Smith
Sivasagar
05th June

A_SVR_05TH_JUNE_804-805_PARIBEKH_DIVAS_7203499

আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰকৃতিপ্ৰেমীসকলে বৃক্ষৰোপন কৰি প্ৰকৃতিৰ বুকু উপচাই পেলাইছে। কিয়নো গছ থাকিলেহে জীৱ থাকিব, পৰিবেশ থাকিলেহে প্ৰকৃতি থাকিব। শিৱসাগৰ জিলাৰ ডিমৌত বিশ্ব পাৰিপাৰ্শ্বিক দিৱস উপলক্ষে বুধবাৰে চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন ঠাইত বৃক্ষৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুৱা উজনি অসমৰ অন্যতম জৈৱ বৈচিত্ৰৰ ক্ষেতত্ৰ ডিমৌৰ পানীদিহিং পক্ষী অভয়াৰণ্যতো পূবেৰুণ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠনৰ উদ্যোগত আৰু শিৱসাগৰ টুৰিষ্ট গাইড এছ'চিয়েচনৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃক্ষ ৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰে। ২৬৭ বিধ আলহী পক্ষীৰ ৰম্যভূমি এই পানীদিহিঙৰ বুকুত বৃক্ষ ৰোপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰান মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অজয় কুমাৰ গগৈয়ে। আনহাতে, ডিমৌৰ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত শিৱসাগৰ জিলা বন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা পৰিৱশ দিৱসৰ কাৰ্যসূচীত এনেদৰে পুৱাই বৃক্ষ ৰোপনত ব্যস্ত হ'ল প্ৰশাসনীয় বিষয়া, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ আৰু সুৰক্ষা বাহিণী আই.টি.বি.পিৰ জোৱানসকল। হাতত বন্দুকৰ সলনি গছ পুলি লৈ ব্যতিক্ৰমী ৰূপত জোৱানসকলে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনেদৰে গ্ৰাম্য ক্ৰীড়াঙ্গন চৌহদত বৃক্ষৰোপন কৰে। বিশ্বজুৰি হোৱা গোলকীয় উঞ্চতা বৃদ্ধিৰ সময়ত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ হেতু এনেদৰে সকলোৱে লগে-ভাগে প্ৰকৃতিৰ বাবে আজিৰ দিনটোত অৱদান যোগোৱা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত শিৱসাগৰ জিলা বন বিষয়া জয়শ্ৰী নাইডিং, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা, আই.টি.বি.পিৰ কামাণ্ডাৰ প্ৰকাশ গুপ্তা আদিকে ধৰি বহুজন চৰকাৰী বিষয়াইও বৃক্ষৰোপনত অংশ লয়।

Bite-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.