ETV Bharat / city

অৱশেষত প্ৰায় 3 মাহৰ অন্তত জেলৰ পৰা মুকলি হ’ল বিতুপন চাংমাই

author img

By

Published : Aug 20, 2022, 9:22 PM IST

অৱশেষত শনিবাৰে জেলৰ পৰা মুকলি হ’ল বিতুপন চাংমাই (Bitupan Changmai releases from jail)৷ অভিযোগ অনুসৰি, আলফা(স্বা) সপক্ষে বিতৰ্কিত মন্তব্য কৰিছিল বিতুপন চাংমায়ে ৷ যি গোচৰৰ আধাৰত বিগত প্ৰায় তিনি মাহ ধৰি বন্দীত্বৰ জীৱন কটাইছিল বিতুপনে ৷

Bitupan Changmai releases from jail
অৱশেষত প্ৰায় 3 মাহৰ অন্তত জেলৰ পৰা মুকলি হ’ল বিতুপন চাংমাই

শিৱসাগৰ, 20 আগষ্ট : ‘‘দেশদ্ৰোহী গোচৰত আজি 3 মাহৰো অধিক সময় শিৱসাগৰৰ কাৰাগাৰত বন্দী হৈ থাকিব লগাত পৰিলো ৷ আৰক্ষীয়ে সকলো চালি-জাৰি চাব লাগে ৷ সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি, বৰ্ষাশ্ৰীক আলফা সন্দৰ্ভত বিতৰ্কিত মন্তব্য দিবলৈ মই প্ৰৰোচনা কৰা নাছিলো ৷ এইটো সঁচা যে, বৰ্ষাশ্ৰীৰ লগত মই কেৱল সামাজিক মাধ্যমতহে চিনাকী হৈছিলো’’ ৷

প্ৰায় তিনি মাহৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিতুপন চাংমায়ে ৷ উল্লেখ্য যে, কবিতা লিখি চৰকাৰ আৰু আৰক্ষীৰ ৰোষত পৰিছিল মেধাবী ছাত্ৰী বর্ষাশ্ৰী বুঢ়াগোহাঁই ৷ অৱশ্যে বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে মুক্তি পালে যদিও বর্ষাশ্ৰীৰ গ্ৰেপ্তাৰৰ পাচৰ দিনটোতেই অৰ্থাৎ যোৱা 19 মে’ত গ্ৰেপ্তাৰ হোৱা বিতুপনে শনিবাৰেহে দেখিলে মুকলি আকাশ (Bitupan Changmai releases from jail)।

অভিযোগ অনুসৰি, শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰি জেহেঙীয়া বালিপথাৰ গাঁৱৰ যুৱক বিতোপন চাংমায়ে বৰ্ষাশ্ৰীৰ প’ষ্টত বিতৰ্কিত মন্তব্য কৰিছিল ৷ উক্ত অপৰাধৰ বাবে বালিপথাৰ গাঁৱৰ পুতুল চাংমাই আৰু ডেইজি চাংমাইৰ পুত্ৰ বিতোপন চাংমায়ে তিনি মাহ শিৱসাগৰ জেলত থাকিব লগা হয় ।

লগতে পঢ়ক : Barshashree Buragohain releases: ৬৪ দিনৰ অন্তত স্ব-গৃহত উপস্থিত বর্ষাশ্ৰী বুঢ়াগোহাঁই

পৰিয়ালৰ লোকে জনোৱা মতে স্নাতক মহলাত অধ্যয়নৰত বিতোপনো এগৰাকী মেধাবী ছাত্ৰ ৷ লগতে চামগুৰি টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিতোপনে ইতিমধ্যে বহুকেইটা চৰকাৰী চাকৰিৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল । কাৰাগাৰত থকাৰ বাবেই বৰ্তমানলৈকে তেওঁ কোনো চৰকাৰী চাকৰিৰ পৰীক্ষাত বহিব পৰা নাছিল ।

খেতিয়ক পিতৃয়ে জামিনৰ বাবে ধন গোটাব নোৱাৰাৰ বাবেই যুৱকজনৰ মুক্তিৰ পথ স্তব্ধ হৈ পৰিছিল । প্ৰায় 91 দিনৰ পাচত অৱশেষত যোৱা 18 আগষ্ট তাৰিখে শিৱসাগৰ সত্ৰ ন্যায়িক দণ্ডাধীক আদালতে জামিন মঞ্জুৰ কৰে ৷ তাৰ পাচত আজি অৰ্থাৎ শনিবাৰে শিৱসাগৰ জিলা কাৰাগাৰ পৰা মুকলি হৈ ওলাই আহে বিতুপন ।

উল্লেখ্য যে, বিতোপন জেলত থকাৰ অৱস্থাত সহায় কৰা সকলো লোককে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক : Pronita Chutia Release: মুক্তি লাভ কৰিলে মাইনাই, জনালে কাৰাগাৰৰ অভিজ্ঞতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.