ETV Bharat / city

সাৱধান: এইবাৰ চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউলত ওলাল প্লাষ্টিকৰ চাউল

শিৱসাগৰ নগৰৰ সমীপৰ দিচাং হালোৱাটিঙত চৰকাৰী আঁচনিৰ অধীনত লাভ কৰা বিনামূলীয়া চাউল(Free Rice of Government Scheme)ৰ লগত মিহলি হৈ আহিছে প্লাষ্টিকৰ চাউল । চাউলৰ নামত প্লাষ্টিক ভক্ষণ কৰি অসুস্থ কেইবাগৰাকী লোক ।

author img

By

Published : Dec 22, 2021, 9:44 PM IST

Plastic rice revealed in free rice of government scheme
চৰকাৰী আঁচনিৰ বিনামূলীয়া চাউলত ওলাল প্লাষ্টিকৰ চাউল

শিৱসাগৰ, 22 ডিচেম্বৰ : শিৱসাগৰৰ দিচাং হালুৱাটিং গাঁৱত মঙলবাৰৰ পৰা বিতৰণ কৰা বিনামূলীয়া চৰকাৰী চাউল(Free Rice of Government Scheme)ৰ নামত প্লাষ্টিকৰ চাউল প্ৰদান কৰাক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । থাওৰা সমবায় সমিতি লিমিটেডৰ দিচাং হালোৱাটিঙৰ ৪ নং ৱাৰ্ডৰ মঃ নেকিবতদ্দিন আহমেদ নামৰ লোকজনৰ সুলভ মূল্যৰ দোকান(Ration shop in Sivasagar)ৰ পৰা লাভ কৰা চৰকাৰী বিনামূলীয়া চাউলৰ লগত মিহলি হৈ আহিছে প্লাষ্টিকৰ চাউল(Plastic rice) ।

পানীত দিলে ওপঙি যোৱা এই কৃত্ৰিম চাউলবোৰ অলপ পানী পালেই ফুলি উঠাৰ লগতে পিচল হৈ পৰে । জ্বলাই দিলে গোটা হৈ পৰা এইবোৰ চাউল ৰন্ধাৰ পাছতো লদা হৈ থাকে । ইতিমধ্যে এনে চাউলৰ ভাত খাই গাঁওখনৰ বহু লোক ৰোগত আক্ৰান্ত হৈছে । পেটচলা, পেটৰ বিষ, বমি আদি ৰোগত আক্ৰান্ত লোকসকলে এতিয়া এনে চৰকাৰী চাউল ভক্ষণৰ পৰা বিৰত আছে ।

লগতে পঢ়ক : ৰাজ্যত বন্ধ হৈ যাব নেকি দুখীয়াৰ চাউল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.