ETV Bharat / city

নিয়ম ভংগকাৰীক ফুলাম গামোচা পিন্ধালে প্ৰশাসনে ! - নাজিৰা

জাৱৰ পেলাই পৰিবেশ বিনষ্ট কৰা লোকৰ বিৰুদ্ধে নাজিৰা মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । প্ৰশাসনে জাৰি কৰা নিয়ম উলংঘা কৰাৰ অভিযোগত এগৰাকী ব্যৱসায়ীক ফুলাম গামোচা পিন্ধাই ৰাইজৰ আগত শাস্তি বিহিলে প্ৰশাসনৰ লোকেসকলে ৷

businessman gets felicitated by administration at nazira
নিয়ম ভংগকাৰীক ফুলাম গামোচা পিন্ধালে প্ৰশাসনে !
author img

By

Published : Jun 9, 2021, 6:37 PM IST

নাজিৰা,9 জুন: নাজিৰা পৌৰ প্ৰশাসনে নাজিৰা নগৰখন পৰিস্কাৰ কৰি ৰখাৰ স্বাৰ্থত নগৰৰ ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ পৰা জাৱৰ-জোথৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি আহিছে যদিও একাংশ অসচেতনলোকে চহৰখনৰ যতে-ততে জাৱৰ-জোথৰ পেলাৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে পৰিবেশ বিনষ্ট কৰা লোকৰ বিৰুদ্ধে নাজিৰা প্ৰশাসনে লৈছে বিশেষ পদক্ষেপ ৷ বুধবাৰৰ পৰাই আৰম্ভ কৰিছে এই কাৰ্যসূচীৰ ৷ ৰাজপথৰ কাষত পৰিবেশ বিনষ্ট কৰি য'তে-ত'তে জাবৰ-জোথৰ পেলোৱা লোকৰ বিৰুদ্ধে চলাই এক অভিযান ৷

নিয়ম ভংগকাৰীক ফুলাম গামোচা পিন্ধালে প্ৰশাসনে !

পৌৰ সভাই নিৰ্দিষ্ট কৰি দিয়া ডাষ্টবিনত জাৱৰ নেপেলাই নাজিৰা নগৰৰ বাবু হোটেল নামৰ স্বত্বাধিকাৰী গণেশ চাহুই মুকলিকৈ য'তে-ত'তে জাবৰ-জোথৰ পেলোৱাৰ অভিযোগ উঠিছে। উক্ত অভিযোগ প্ৰশাসনে লাভ কৰি নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ নিৰ্দেশত বুধবাৰে নাজিৰাৰ কাৰ্যবাহী দণ্ডাধীশ সুজাতা গগৈয়ে ব্যৱসায় প্ৰতিষ্ঠান খনত উপস্থিত হৈ স্বত্বাধিকাৰী গণেশ চাহুৰ ডিঙিত আৰি দিয়ে এখন ফুলাম গামোচা ।

আনহাতে, ব্যৱসায়ী গণেশ চাহুই অভিযোগ কৰা অনুসৰি জাৱৰ সংগ্ৰহৰ দ্বায়িত্ব লাভ কৰা বেচৰকাৰী সংস্থাটোৰ কৰ্মচাৰী সকলে সময় মতে জাৱৰ সংগ্ৰহ নকৰে । সময়মতে নিদিয়ে জাৱৰ সংগ্ৰহৰ নামত লোৱা ধনৰ ৰচিদ ৷ কিন্তু ব্যৱসায়ী জনৰ অভিযোগ যিয়েই নহওক একাংশ পৰিবেশ বিনষ্টকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নাজিৰা মহকুমা প্ৰশাসন ৷ এনে ধৰণৰ কাম যাতে পুনৰবাৰ নহয়, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে নাজিৰা মহকুমা প্ৰশাসনৰে ৷

লগতে পঢ়ক-শিৱসাগৰত পুনৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.