আমগুৰি,১৭ মে': কাল কৰ’ণাই থান বান কৰিলে এটা পৰিয়ালৰ সুখৰ সংসাৰ । পৃথিৱীৰ পোহৰ দেখা ৭ টা দিন সম্পূৰ্ণ নহওতেই মাতৃহাৰা হ'ল এটি দেৱ শিশু । এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নামতিৰ মিছাজানত । উল্লেখযোগ্য যে নামতিৰ মিছাজানৰ চুলতানা বেগমে জন্ম দিছিল এটি পুত্ৰ সন্তানক । সন্তান জন্মৰ পাছতে চুলতানা আক্ৰান্ত হৈছিল ক'ভিড-19 ত ।
দেওবাৰে নিশা 1 বজাত শেষ নিশ্বাস ত্যাগ কৰিলে চুলতানা নামৰ মহিলাগৰাকীৰ । চুলতানা বেগমৰ মৃত্যুত এতিয়া হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালটোত । কিয়নো চুলতানাৰ স্বামী বুলবুল আলীও আক্ৰান্ত হৈ আছে ক'ভিড-19 ত ।
উল্লেখ্য যে, জিলাখনত প্ৰতিদিনে জটিল হৈছে ক'ভিড পৰিস্থিতি । কৰ'ণাই ইতিমধ্যেই প্ৰাণ কাঢ়িছে হাজাৰ হাজাৰ লোকৰ । তাৰ মাজতে শিৱসাগৰ জিলাৰ নামতিৰ এই ঘটনাই এতিয়া শোক বিহ্বল কৰি তুলিছে নামতিবাসীক ।
লগতে পঢ়ক : আজি ডি আৰ ডি অ'ৰ প্ৰথম পৰ্যায়ৰ ক'ভিড ঔষধ মুকলি কৰিব ৰাজনাথ সিঙে