নগাঁও , 4 ডিচেম্বৰ : ড্ৰাগছ বিৰোধী অভিযানত এটাৰ পিছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নগাঁও আৰক্ষীৰ এইবাৰ টাৰ্গেট দেহ ব্যৱসায়ীৰ ঘাটি সমূহ । শুকুৰবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলালে মাজৰ আটি চাৰিআলিৰ সমীপত চলি অহা নাৰী দেহ ব্যৱসায়ীৰ এটি ঘাটিত ৷ আৰক্ষীয়ে অভিযানৰ সময়ত দুই যুৱকৰ লগতে পাঁচগৰাকী যুৱতী আৰু মহিলাক আটক কৰে (nagaon police bust a sex racket) ।
এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে মাজনিশা অভিযান চলাই মাজৰআটিৰ এটা বাসগৃহত। ইতিমধ্যে উক্ত বাসগৃহটোত দীৰ্ঘদিনৰ পৰাই দেহ ব্যৱসায় চলি অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল ।
লগতে এগৰাকী মহিলাই চ'চিয়েল মিডিয়াৰ জৰিয়তে গ্ৰাহকক আকর্ষণ কৰাৰ চেষ্টা চলোৱাৰ তথ্য লাভ কৰিছে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । ফলত একাংশ যুৱতীৰ ফটো এডিট কৰি চচিয়েল মিডিয়াত প্ৰচাৰ চলাই গ্ৰাহকক আকৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে এই নাৰী দেহ ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে ।
এই অভিযানত আৰক্ষীৰ দলটোৱে এটা মোবাইলসহ বহু অপত্তিজনক নথি পত্ৰও জব্দ কৰিবলৈ সক্ষম হয় । গ্ৰাহকক আকৰ্ষণৰ বাবে ফটো এডিট কৰি চ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰা মোবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । অৱশ্যে আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰা মতে, আৰক্ষীৰ দলটোৱে চলোৱা এই অভিযানৰ উমান পাই দুজন গ্ৰাহকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
লগতে পঢ়ক : দেহ ব্যৱসায়ীৰ ঘাটিত নগাঁও আৰক্ষীৰ হাতোৰা