ETV Bharat / city

কলিয়াবৰৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি - ভৰিধোৱা উচ্চ মাধ‍্যমিক বিদ‍্যালয়

কলিয়াবৰৰ ক'ভিড প্ৰতিষেধক (Covid Vaccine) কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে ৷ মাস্ক পৰিধান কৰিব দিয়াত সাংবাদিকৰ কেমেৰা দলিয়াই দিয়ে এজন যুৱকে ৷

Reporter Attacked at Kaliabor,nagaon District
কলিয়াবৰৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি
author img

By

Published : Jul 4, 2021, 11:45 AM IST

কলিয়াবৰ,4 জুলাই : ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাতো (Nagaon District) এতিয়াও ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ ইফালে কৰ'ণা প্ৰতিৰোধ কৰিবলৈ চৰকাৰে 18 বছৰ উৰ্ধৰ সকলো লোককে কভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে ৷ ইফালে নগাঁৱৰ কলিয়াবৰতো ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে ৷ ইয়াৰ বিপৰীতে কলিয়াবৰৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত শনিবাৰে সৃষ্টি হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতি ৷

কলিয়াবৰৰ ভৰিধোৱা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ ক’ভিড প্ৰতিষেধক (Covid Vaccine) কেন্দ্ৰত মাস্ক পৰিধান কৰিব দিয়াত সাংবাদিকৰ কেমেৰা দলিয়াই দিয়ে এজন যুৱকে ৷ কলিয়াবৰৰ ভিন্ন স্থানত ক'ভিড প্ৰতিষেধক কেন্দ্ৰত সহস্ৰাধিক লোক উপস্থিত হৈছিল যদিও উদ্যত যুৱকজনে মাস্ক পৰিধান নকৰাকৈ কেন্দ্ৰটোত উপস্থিত হয় ৷ কিন্তু যুৱকজনক মাস্ক পৰিধান কৰিবলৈ কোৱাত ক্ষুব্ধ হৈ বৈদ‍্যুতিন মাধ‍্যমৰ এক ব‍্যক্তিগত বাতৰি প্ৰতিষ্ঠানৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে কেমেৰাতো মাটিত পেলাই দিয়ে ৷

কলিয়াবৰৰ ক'ভিড প্ৰতিষেধক কেন্দ্ৰত অপ্ৰীতিকৰ পৰিস্থিতি

জানিব পৰা মতে, প্ৰতিষেধক লোৱাৰ পূৰ্বে ক'ভিড পৰীক্ষা কৰিবলৈ শাৰী পাতি আছিল যুৱকজন ৷ উক্ত যুৱকজনক ঘটনাস্থলীত উপস্থিত সাংবাদিকে মাস্ক নিপিন্ধাৰ কাৰণ সোধাত যুৱকজনে কেমেৰাটো কাঢ়ি নিয়াৰ চেষ্টা কৰে । ততাতৈয়াকৈ সেই স্থানত থকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নিপেন বৰ্মন নামৰ যুৱকজনক আটক কৰি উলুৱনী আৰক্ষী নিৱেশলৈ লৈ যায় ।

বিগত কিছুদিন ধৰি ৰাজ্যত প্ৰায় একেই অৱস্থাত আছে সংক্ৰমণৰ হাৰ । অৱশ্যে ৰাজ্যিক ভিত্তিত আক্ৰান্তৰ হাৰ প্ৰায় একেই থাকিলেও জিলা ভিত্তিত যথেষ্ট তাৰতম্য হোৱা পৰিলক্ষিত হৈছে । বিগত কিছুদিন ধৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ১.৫০-৩ শতাংশৰ ভিতৰত আছে ৷ কিন্তু বিভিন্ন জিলাত আক্ৰান্তৰ হাৰ ১০ শতাংশৰো বেছি হৈছে ।

উল্লেখ্য যে, কেন্দ্রৰ ৰেডজ’নত (Red zone) অন্তর্ভুক্ত হোৱা বিশ্বনাথ, চৰাইদেউ আৰু মৰিগাঁও জিলাক লৈ চিন্তনীয় হৈ পৰা স্বাস্থ্য মন্ত্রালয়ে শেহতীয়াকৈ অসম চৰকাৰলৈ পত্র প্রেৰণ কৰি কঠোৰভাৱে এছঅ’পি (SOP) পালনৰ পৰামর্শ দিছে । বিগত ২১ জুনৰ পৰা ২৭ জুনলৈ বিশ্বনাথ, চৰাইদেউ আৰু মৰিগাঁও জিলাত পজিটিভিটিৰ হাৰ ১০ শতাংশতকৈ অধিক বুলি উল্লেখ কৰি জিলাকেইখনত সংক্রমণ বৃদ্ধিৰ কাৰণ বিশ্লেষণ কৰি প্রয়োজনীয় পদক্ষেপ ল’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক নির্দেশ দিছে কেন্দ্ৰই ।

লগতে পঢ়ক- শিশু শ্ৰমিকক অকথ্য নিৰ্যাতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.