ETV Bharat / city

Land grabbing allegation: বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰাৰ প্ৰতিক্ৰিয়া - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ অভিযোগে এতিয়া ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে ৷ মুুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰাই ৷

Sibamoni Bora comments on riniki bhuyan land scam
বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা
author img

By

Published : Dec 18, 2021, 9:18 PM IST

নগাঁও, 18 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা(Batadroba MLA Sibamoni Bora) । বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে শনিবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰক্ষকেই এতিয়া হৈছে ভক্ষক হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে ৷ তেওঁ লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিব লাগে বুলি উল্লেখ কৰে ৷

বিধায়িকাগৰাকীয়ে কয় যে, ৰক্ষকেই ভক্ষক হ’ব বুলি ভবাই নাছিলো ৷ গেজিং ৰিজার্ভ সংৰক্ষণ আৰু দালাল মুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যুত্তৰ দিবলৈ ভাষা বিচাৰি পোৱা নাই বুলিও মন্তব্য কৰে শিৱামণি বৰাই । তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এনে কাম কৰিলে বেয়া লাগে বুলি মন্তব্য কৰে ৷

বটদ্ৰৱাৰ বিধায়িকা শিবামণি বৰা

বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু পত্নীৰ নামত উত্থাপিত হোৱা ভূমি কেলেংকাৰীৰ তদন্ত কৰি তাৰ ভিত্তিত ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায় ৷ বিধায়িকা শিবামণি বৰাই বিধায়ক পুঁজিৰে ধিং এফ আৰ ইউত এখন এম্বুলেঞ্চ প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷

লগতে পঢ়ক : Land Grabbing Allegation: কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.