ETV Bharat / city

পিতৃৰ দ্বাৰা ধৰ্ষিতা কন্যা - lahorighat police

সতীয়া জীয়ৰীক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হ’ল পিতৃ ৷ পিতৃৰ কামনাৰ বলি হ’ল 13 বছৰীয়া কিশোৰী ৷ বৰ্তমান আৰক্ষীৰ জালত অভিযুক্ত ।

Rape case at lahorighat
পিতৃৰ দ্বাৰা ধৰ্ষিতা হ’ল জী
author img

By

Published : Aug 15, 2021, 5:16 PM IST

ধিং, 15 আগষ্ট : পুনৰ এক জঘন্য ঘটনাই কঁপাই গৈছে ৰাজ্য ৷ পিতৃ-জীয়েকৰ মাজৰ পৰিত্ৰ সম্পৰ্কত লাগিছে কেনা ৷ পৰ পুৰুষৰ হাতত নহয়, এইবাৰ নিজ পিতৃৰ কামনাৰ বলি হ’ব লগাত পৰিল জীয়ৰী ৷ ঘটনাৰ স্থান লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত কছাৰীবড়ী গাঁও ৷ পিতৃয়ে ধৰ্ষণ কৰিলে সতীয়া জীয়েকক । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ই ৷ জানিব পৰা অভিযুক্ত গৰাকীৰ নাম জনৈক আলী ৷

উল্লেখ্য যে, ভুক্তভোগী গৰাকীৰ নিজ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তিনি বছৰীয়া ছোৱালীজনীক লগত লৈ কছাৰীবড়ীৰ গাঁৱৰ আলীৰ লগত ১০ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল । বিয়াৰ সময়ত পিতৃহাৰা কণমানিজনীৰ সম্পূৰ্ণ দ্বায়িত্ব লৈছিল অভিযুক্ত আলীয়ে । কিন্তু বিয়াৰ পিছৰে পৰাই মাতৃৰ লগতে কণমানিজনীক বিভিন্ন ধৰণে নিৰ্যাতন চলাই আহিছিল ৷

এই কথা আত্মীয়ক জানিবলৈ দিয়া নাছিল আভিযুক্তজনে ৷ আনকি বিভিন্ন সময়ত ভুক্তভোগী কিশোৰীগৰাকীৰ লগতে মাতৃকো ভয় ভাবুকি প্ৰদান কৰি আহিছিল আলীয়ে ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ আত্মীয়ই ৷

ভুক্তভোগী গৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, আলীয়ে ১১ আগষ্টৰ নিশা ধৰ্ষণ কৰে ১৩ বছৰীয়া কিশোৰী গৰাকীক । এই জঘন্য ধৰ্ষণৰ কথা আলীৰ পত্নীয়ে গম পোৱাত পত্নী আৰু কন্যাক মাৰ-পিট কৰে ৷ যাৰ ফলত গুৰুত্বৰভাৱে আহত হয় আলীৰ পত্নী ৷

পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰী গৰাকীয়ে মনে মনে এগৰাকী আত্মীয়ক এই সমগ্ৰ কথাৰ বিৱৰণ কৰে ৷ ঘটনাৰ সম্বন্ধে জানিব পাৰি আত্মীয়ই আহি কিশোৰী গৰাকী আৰু মাতৃক উদ্ধাৰ কৰে ৷ তাৰ পাচতেই কিশোৰী গৰাকীৰ আত্মীয়ই এই ঘটনা সন্দৰ্ভত লাহৰীঘাটত আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

এই এজাহাৰৰ ভিত্তিত ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে অভিযুক্ত আলীক আটক কৰে । জানিব পৰা মতে, অভিযুক্ত গৰাকীক মৰিগাঁও জিলাৰ জেললৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যই ৷

লগতে পঢ়ক: ছয়গাঁৱত অপৰাধীৰ ঘাটিত আৰক্ষীৰ হাতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.