ETV Bharat / city

ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Aug 26, 2022, 9:14 PM IST

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ সংগঠন (Students against drugs in Nagaon) ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱা নগাঁও আৰক্ষীক এসময়ত প্ৰশংসা কৰা ছাত্ৰ সংগঠন এতিয়া জাঙুৰ খাই উঠিছে নগাঁও আৰক্ষীৰ বিৰুদ্ধে (NSUI protest against drugs in Nagaon)।

NSUI protest against drugs in Nagaon
NSUI protest against drugs in Nagaon

নগাঁও, 26 আগষ্ট: পুনৰ যেন ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নগাঁও (Drugs smuggling in Nagaon)। কেইদিনমান পূৰ্বে ড্ৰাগছ বিৰোধী অভিযান চলাই প্ৰশংসিত হোৱা নগাঁও আৰক্ষীৰ বিৰুদ্ধে এইবাৰ জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠন (Student organization protest in Nagaon)। ড্ৰাগছৰ বিৰুদ্ধে সাব্যস্ত কৰিবলগীয়া হ'ল প্ৰতিবাদ । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ গঠন কৰাৰ পিছতেই নগাঁৱতো আৰম্ভ হৈছিল ড্ৰাগছ বিৰোধী শক্তিশালী অভিযান (Anti drug operation in Nagaon) ।

ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱৰ ৰাজপথত ছাত্ৰ সংগঠনৰ প্ৰতিবাদ

তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিছিল নগাঁৱৰ সচেতন লোকৰ প্ৰশংসা (Anand Mishra anti drug operation)। মুঠৰ ওপৰত ড্ৰাগছৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছিল নগাঁও আৰক্ষীয়ে । কিন্তু এইবাৰ এইখন নগাঁৱতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল ছাত্ৰ সংগঠন । নগাঁও চহৰৰ মাজমজিয়াৰ ৰাজপথত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সংগঠন এন এছ ইউ আয়ে (NSUI protest against drugs in Nagaon)।

লগতে পঢ়ক: আইন উলংঘা কৰি এছ আই নিবেদিতাই কটোৱালে বহু মূল্যবান গছ

উল্লেখযোগ্য যে, বিগত কিছুদিন ধৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ আৰম্ভ হৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা (Nagaon drugs news)। যেন পুনৰ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে নগাঁও । জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাইজে আটক কৰিবলগীয়া হৈছে ড্ৰাগছ ব্যৱসায়ী অথবা ড্ৰাগছ সেৱনকাৰীক ।

এনে এক পৰিবেশ গঢ়ি উঠাৰ পিছতেই উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন মহল । সেয়ে বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী এন এছ ইউ আইৰ । প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে যে, গভীৰ নিদ্ৰাত আছে বৰ্তমানৰ নগাঁও আৰক্ষী (Protest against Police)। নগাঁও আৰক্ষীৰ নিদ্ৰা ভংগ কৰিবলৈয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ কথাও উল্লেখ কৰে প্ৰতিবাদকাৰী এন এছ ইউ আইৰ নেতাই ।

সমগ্ৰ ৰাজ্যকে ড্ৰাগছমুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ বদ্ধপৰিকৰ হ’লেও নগাঁৱত চলি থকা ড্ৰাগছৰ বেহাই যেন ব্যৰ্থ কৰিব খুজিছে চৰকাৰৰ ড্ৰাগছ বিৰোধী পদক্ষেপ । নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাক আকস্মিক মুখ্যমন্ত্ৰী বুলি ক’লে একালৰ সতীৰ্থ ৰকিবুলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.