ETV Bharat / city

শৰীৰত গুলী লৈয়ে ডকাইতৰ পলায়ন ! - দুধর্ষ ডকাই

চোৰ-ডকাইতৰ ঘাটিলৈ ৰূপান্তৰ হোৱা নগাঁৱত এতিয়া প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ইটোৰ পাছত সিটো গভাইত চোৰ আৰু ডকাইত ৷ ধাৰাবাহিক ভাবে নগাঁও আৰক্ষীয়ে অভিযান চলাই জালত পেলাবলৈ সক্ষম হৈছে এই অপৰাধৰ লগত জড়িত দুষ্ট চক্ৰটোক ৷

nagaon-police-encounter-robber
শৰীৰত গুলী লৈয়ে ডকাইতৰ পলায়ন !
author img

By

Published : Aug 20, 2021, 8:48 PM IST

নগাঁও, 20 আগষ্ট: নগাঁও জিলাৰ ৰূপহীহাটত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । ৰূপহীহাটৰ বৰতলত বুধবাৰে সংঘটিত এক ডকাইতিৰ ঘটনাৰ ৷ তাৰ পাচতে অভিযান চলাবলৈ গৈ বৃহস্পতিবাৰে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল নগাঁও আৰক্ষী । উল্লেখযোগ্য যে, বুধবাৰে এখন চাৰিচকীয়া বাহন আগুচি প্ৰায় পাঁচ লাখ টকা লুটি নিছিল ডকাইতৰ দলটোৱে ।

ঘটনা সংঘটিত হোৱাৰ পিছতেই নগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰেই জাহাংগীৰ আৰু আব্দুল ছহিদক আটক কৰি আৰম্ভ কৰিছিল মাৰাথান জেৰা ।ধৃত দুই ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিতে ডকাইতি ঘটনাৰ সমগ্ৰ তথ্য লাভ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত শুকুৰবাৰে আন এক ডকাইতক বিচাৰি অভিযান আৰম্ভ কৰে আৰক্ষীৰ এটা দলে।

শৰীৰত গুলী লৈয়ে ডকাইতৰ পলায়ন !

বৰতল ডকাইতিত জড়িত দুধর্ষ ডকাইত আব্দুল জলিলক বিচাৰি অভিযান চলোৱাৰ সময়ত পলায়ন কৰাৰ চেষ্টা কৰে আব্দুল জলিল । ডকাইতটো পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলীচালনা কৰিবলৈ বাধ্য হয় অভিযানকাৰী আৰক্ষীৰ দলটো ।আৰক্ষীৰ মতে, আৰক্ষীৰ গুলীত আহত হৈছে ডকাইত জলিল । কিন্তু গুলীচালনা কৰিও ডকাইতটোক কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল আৰক্ষীৰ দলটো ।

লগতে পঢ়কঃ কুকুৰো বাচি নগ’ল এইবাৰ তেওঁলোকৰ পৰা..

শৰীৰত গুলী লৈয়েই লাওখোৱা অভয়াৰণ্যৰ বিল জলাশয়ৰ মাজেৰে নাওৰ সহায়ত পলায়ন কৰিছে বুলি সন্দেহ কৰা হৈছে । ইপিনে লাওখোৱা অভয়াৰণ্যৰ বিল জলাশয়তো আৰক্ষীয়ে পলায়ন কৰা ডকাইতক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই পৰ্যন্ত ডকাইতটোৰ কোনো সন্ধান লাভ কৰা নাই বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, শুকুবাৰে নগাঁৱত নতুন বাইক কিনিবলৈ গৈ আৰক্ষীৰ জালত পৰিছিল এটা ডকাইত । ডকাইতৰ গেংটোৰ প্ৰতিজন সদস্যৰ বিৰুদ্ধেই আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিব পৰা গৈছে । ইপিনে আৰক্ষীয়ে গুলিচালনা কৰাৰ পিছতো আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হোৱা ডকাইত জলিলক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় নে নহয় সেয়া সময়ত হে লক্ষণীয় হ'ব ।

লগতে পঢ়কঃ বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.