ETV Bharat / city

নাপিত আৰু শব্দযন্ত্ৰীৰ মাজত খাদ্য় বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

author img

By

Published : May 12, 2020, 8:38 PM IST

লক্ ডাউনৰ মাজতেই নগাঁৱত নাপিত আৰু শব্দযন্ত্ৰী তথা চাউণ্ড আৰ্টিষ্টক সহায়ৰ হাতত আগবঢ়াইছে বিধায়ক ৰূপক শৰ্মাই ।

MLA Rupak Sarma Distribution food item to barber and Sound Artist

নগাঁও, ১২ মে': কৰ'ণা প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা লক্ ডাউনৰ ফলতেই আৰ্থিক সংকটত ভুগিব লগা হৈছে বহু দৰিদ্ৰই । তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈছে নাপিত আৰু শব্দযন্ত্ৰী সকলো ।

তৃতীয় পৰ্যায়ৰ লক্ ডাউনত কিছু কিছু ক্ষেত্ৰত শিথিলতা দিয়া হৈছে যদিও বৰ্তমানেও চেলুন সমূহ খোলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰাখিছে চৰকাৰে । একেদৰে সভা সমিতি, সকলো সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰা হৈছে । যাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে নাপিত আৰু বাদ্যযন্ত্ৰীসকল ।

খাদ্য় বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

মঙলবাৰে এইসকল লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহি খাদ্য সামগ্ৰী বিতৰণ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নগাঁও চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই শতাধিক নাপিত আৰু শব্দযন্ত্রীক সাহাৰ্য সামগ্ৰী বিতৰণ কৰে বিধায়কগৰাকীয়ে । অভাৱৰ সন্মুখীন হোৱা এই সকল লোকক চাউল, দালি আদি অত্যৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে শৰ্মাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.