ETV Bharat / city

মাজুলীৰ পৰাই ৰণডংকা বজালে মন্ত্ৰী ৰণোজ পেগুৱে

author img

By

Published : Dec 26, 2021, 11:14 AM IST

ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ৷ পুনৰ এঘড়ী যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ ৷ শনিবাৰে মাজুলীত উপস্থিত হোৱা মন্ত্ৰী ডাঃ ৰণোজ পেগু (Majuli visits of Minister Dr Ranoj Pegu) ৱে মন্তব্য কৰিলে কেইবাটাও বিষয়ত । মন্ত্ৰীগৰাকীয়ে উপ নিৰ্বাচনৰ জৰিয়তে মাজুলী সমষ্টিটো বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰে ৷ শিক্ষাখণ্ড সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷

majuli-visits-of-minister-dr-ranoj-pegu
মাজুলীত ৰণডংকা বজালে মন্ত্ৰী ৰণোজ পেগুৱে

মাজুলী, 26 ডিচেম্বৰ : ৰাজ্যত পুনৰ কুচকাৱাজ চলিছে উপ নিৰ্বাচনৰ ৷ সদ্যহতে এই নিৰ্বাচন অনুষ্ঠিত হ’ব মাজুলীত ৷ শনিবাৰে মাজুলীলৈ আহিছিল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Majuli visits of Minister Dr Ranoj Pegu) ৷ মন্ত্ৰীগৰাকীয়ে মাজুলীত হ’বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰা বুলি সদৰী কৰে ৷

শনিবাৰে নিশা গড়মূৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন বৈঠকত মন্ত্ৰী পেগুৱে মাজুলীৰ ভিন্ন দল-সংগঠনৰ সৈতে উপ নিৰ্বাচনকেন্দ্ৰীক আলোচনাত মিলিত হয় ৷ এই আলোচনাত সমষ্টিটোৰ পৰা উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে দাবীদাৰসকল উপস্থিত থাকে ৷ তদুপৰি অগপ-বিজেপি মিত্ৰজোঁট আৰু গণশক্তিৰ দলীয় নেতা কৰ্মীসকলো মন্ত্ৰীগৰাকীৰে সৈতে বৈঠকৰ সময়চোৱাত উপস্থিত থাকে ৷

এইখন বৈঠকতে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকীক প্ৰায় 50 হাজাৰ ভোটত জয় লাভ কৰোৱাব লাগিব বুলি দাবী কৰে ৷

উল্লেখ্য যে, বিগত 4 অক্টোবৰত সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ এৰাৰ পাচৰে পৰা খালী হৈ পৰিছিল সমষ্টিটোৰ বিধায়কৰ আসনখন ৷

ৰাজনৈতিক দিশটো বাদ দি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডৰ বিষয়েও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ 2022-23 বৰ্ষত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰায় দুই হেজাৰ কোটি টকা বিনিয়োগ কৰিব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী পেগুৱে ৷

শিক্ষা সন্দৰ্ভত মন্তব্য ৰণোজ পেগুৰ

লগতে আগন্তুক বৰ্ষত অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰায় 20 হেজাৰ নতুন শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব বুলিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : OMICRON ৰ ভয়াৱহতাৰ মাজতে দেশবাসীক কি পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.