ETV Bharat / city

পুৰণিগুদামৰ চলচলিত লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

author img

By

Published : Jun 19, 2022, 8:40 PM IST

এফালে নেৰেনেপেৰা বৰষুণ, আনফালে একাংশ দুষ্টচক্ৰই চলাই গৈছে কাঠৰ চোৰাং সৰবৰাহ । এই বৰষুণৰ মাজতে শনিবাৰে নিশা প্ৰায় ১ বজাত পুৰণিগুদামৰ চলচলিত বন বিভাগৰ অভিযান । জব্দ লক্ষাধিক মূল্যৰ চোৰাং কাঠ ৷

Illegal timber seized by Kathiatoli forest department
পুৰণিগুদামৰ চলচলিত লক্ষাধিক মূল্যৰ চোৰাং কাঠ জব্দ

চামগুৰি, 19 জুন : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বন বিভাগে । পিছে প্ৰত্যেক দিনাই আৰক্ষী আৰু বন বিভাগৰ চকুত ধুলি দি একাংশ দুষ্টচক্ৰই চলাই গৈছে কাঠৰ চোৰাং সৰবৰাহ । ইয়াৰ মাজতে পুৰণিগুদামৰ চলচলিত চলিল বন বিভাগৰ অভিযান ৷

গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কঠীয়াতলি আঞ্চলিক বন কাৰ্যালয়ৰ সহযোগত, বন সুৰক্ষা বাহিনী আৰু নগাঁও জিলা বন সংমণ্ডলে শনিবাৰে মাজনিশা এক যৌথ অভিযান চলাই চেগুনকে ধৰি বহুসংখ্যক মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে (Illegal timber seized by Kathiatoli forest department) ৷ ইতিমধ্যে, জব্দ হোৱা কাঠফলা মিল আৰু কাঠ সমূহ বন বিভাগে নিজৰ জিম্মাত লৈ নগাঁও জিলা বন বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে ৷

অৱশ্যে চোৰাং কাঠ সৰবৰাহকাৰী দলটোৱে বনকৰ্মীৰ উপস্থিতিৰ উমান পাই নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ৷ জব্দকৃত কাঠখিনিৰ মূল্য বহু লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: মহানগৰীত আৰক্ষীৰ অপৰাধ শাখাৰ জালত দুই তীৰৰ টিকট বেপাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.