চামগুৰি, 2 জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতে নগাঁও জিলাৰ চামগুৰিত সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic incident at Samaguri) ৷ শনিবাৰে গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে'লখনৰ খুন্দাত মৃত্যুক সাৱটি ল'লে এটি বনৰীয়া হাতীয়ে (Elephant calf Dead at Samaguri) ৷
ঘটনা অনুসৰি, অঞ্চলটোৰ ওচৰৰ এখন পাহাৰৰ পৰা এটি হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ একে সময়তে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লখনে দ্ৰুতগতিত গৈ থকাত শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত অঞ্চলটোৰ বহু লোক উপস্থিত হয় ৷
উপস্থিত ৰাইজে বন বিভাগে হাতীকেইটাৰ পৰা বৃহত্তৰ অঞ্চলবাসীক সুৰক্ষা দিব নোৱাৰাৰ বাবে ক্ষোভ উজাৰে ৷ বন কৰ্মীসকলক বন্যহস্তীৰ বিচৰণ ভূমি এই অঞ্চলটোত তীব্ৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় ৰাইজে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো গুৰুত্ব প্ৰদান নকৰাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি দোষাৰোপ কৰে ৷ কিছু সংখ্যক ৰাইজে ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে ৷
আনহাতে, ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় বন বিভাগৰ লোক ৷ হাতীটোৰ মৃত্যুই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে, বন ধ্বংসৰ পৰিণতিত লাহে লাহে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে বন্যপ্ৰাণীৰ খাদ্য দ্ৰব্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে ৷ ফলত বন্যহস্তীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিছে ৷
লগতে পঢ়ক : Forest department being religious: হস্তী পূজাত বিশ্বাসী নগাঁৱৰ বনবিভাগ