কলিয়াবৰ, 11 ডিচেম্বৰ : কলিয়াবৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা(Tragic incident in Kaliabor)৷ শুকুৰবাৰে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লখনৰ খুন্দাত মৃত্যুক সাৱটি ল'লে এটি ছয় বছৰীয়া বনৰীয়া হাতীয়ে(Elephant calf Dead at Kaliabar) ৷
ঘটনা অনুসৰি, অঞ্চলটোৰ ওচৰৰ এখন হাবিৰ পৰা এটি হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ তেনে অৱস্থাতে শিলঘাট-গুৱাহাটী যাত্ৰীবাহী ৰে'লখনে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয় ৷ শুকুৰবাৰে নিশা প্ৰায় 10.30 মিনিটত সংঘটিত হয় এই ঘটনা ৷
এই ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত অঞ্চলটোৰ বহু লোক উপস্থিত হয় ৷ মৃত হাতীটোক উপস্থিত একাংশই পূজা-অৰ্চনাও কৰে ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ হাতীটোৰ মৃত্যুই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ উল্লেখযোগ্য যে, বন ধ্বংসৰ পৰিণতিত ক্ৰমান্বয়ে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে বন্যপ্ৰাণীৰ খাদ্য দ্ৰব্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে ৷ ফলত বন্যহস্তীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিছে ৷ ফলত এনেকৈয়ে সময়ে সময়ে মুত্যুমুখত পৰে বহু বন্যহস্তী ৷
লগতে পঢ়ক : বঢ়মপুৰৰ কন্দলীত এটি হাতী পোৱালীৰ কৰুণ মৃত্যু