নগাঁও,25 জানুৱাৰী : উত্তৰ পূব ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয়, সাহিত্য-সাংস্কৃতিক সংগঠন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ পদত পুনৰ নিৰ্বাচিত হৈছে ডিব্ৰুগড় জিলাৰ কমলাকান্ত গগৈ ৷ 2021 আৰু 2022ৰ বৰ্ষ দুটাৰ বাবে পদাধিকাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিব নিৰ্বাচিত কমলাকান্ত গগৈয়ে।
নগাঁও জিলাৰ কলংপাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত ১৭৬০ টা ভোট লাভ কৰি কমলাকান্ত গগৈ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নিৰ্বাচিত হৈছে । যোৱা অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা সংঘৰ পদাধিকাৰ পদৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত থকা সংঘৰ ৩ হাজাৰ ৬৫ খন প্ৰাথমিকে ভোট দান সাব্যস্ত কৰে ৷ ইফালে সংঘৰ সংবিধান অনুসৰি সোমবাৰে মূল কাৰ্যালয়ত এই ভোট গণনা প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হয় । ভোট গণনাৰ অন্তত পুনৰ নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ ৷
উল্লেখযোগ্য যে, পদাধিকাৰ পদত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল ক্ৰমে- ডিব্ৰুগড় জিলাৰ কমলাকান্ত গগৈ, গোলাঘাট জিলাৰ পবিত্ৰ প্ৰাণ বৰা আৰু মৰিগাঁও জিলাৰ পুনিৰাম পাটৰে। ইফালে সংঘৰ আগন্তুক হ'বলগীয়া কাৰ্য নিৰ্বাহক সভাত পুনৰ নিৰ্বাচিত কমলাকান্ত গগৈয়ে শপত গ্ৰহণ কৰিব বুলি প্ৰধান সম্পাদক বাবুল বৰাই সাংবাদিকৰ আগত সদৰি কৰে এই কথা ৷
লগতে পঢ়ক-বাৰিষা বান খৰালি খহনীয়াৰে ৰাইজৰ দুখ হৈ পৰিছে সোৱণশিৰি