যোৰহাট, 23 জানুৱাৰী : শনিবাৰে যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত পুলিবৰ আৰক্ষীয়ে অভিযান চলাই কেইবাজনো ড্ৰাগছ সেৱনকাৰীৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে (Two suppliers including Brown Sugar arrested) ৷
জানিব পৰা অনুসৰি, গোপন সূত্ৰৰ পম খেদি উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পুলিবৰ আৰক্ষীৰ সহযোগত শনিবাৰে AS 03 BC 0335 নম্বৰৰ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰত আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে বাহনখনৰ পৰা 5.02 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে (Brown Sugar Seized at Jorhat) ৷
তদুপৰি আৰক্ষীয়ে পংকজ চক্ৰৱৰ্তী আৰু গাড়ীচালক মুহিবুল ৰহমানক ব্ৰাউন চুগাৰ সৰবৰাহত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে (Two suppliers including Brown Sugar arrested by Pulibor Police) ৷
উল্লেখ্য যে, পংকজ চক্ৰৱৰ্তী নামৰ ব্যক্তিগৰাকীৰ 12 বছৰীয়া কন্যাক ব্ৰাউন চুগাৰ সৰবৰাহৰ ক্ষেত্ৰখনৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ এই পৰ্যন্ত কিশোৰীগৰাকী ব্ৰাউন চুগাৰ সৰবৰাহত জড়িত হয় নে নহয়, তাৰে তদন্ত অব্যাহত আছে ৷
আৰক্ষীয়ে পুলিবৰ থানাত ৪৬/২০২২ U/S 21(b) /29NDPS Act ৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কোনো কুখ্যাত ড্ৰাগছ মাফিয়াৰ সৈতে মিতিৰালি থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : Beltala Murder Case : বেলতলা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল আৰক্ষীৰ