ETV Bharat / city

ৰাজ্যত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি - পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ছাত্ৰ সন্থা

ৰাজ্যত বিগত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি ৷ যাৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইত পশুৰ অস্বাভৱিক মৃত্যু অথবা সজাগতাৰ বাবে কোনো পদক্ষেপ ল’ব পৰা নাই বিভাগে ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই উপযুক্ত অৰ্হতা থকাৰ পাচতো নিযুক্তি হোৱা নাই শিক্ষিত নিৱনুৱাৰ ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে Veterinary Welfare Forum Of Assam, All Assam Poultry Farmers and Traders Association আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷

ৰাজ্যত বিগত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি

author img

By

Published : Nov 7, 2020, 12:37 PM IST

গুৱাহাটী, 7 নৱেম্বৰ : ৰাজ্যত বিগত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি ৷ একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই উপযুক্ত অৰ্হতা থকাৰ পাচতো নিযুক্তি হোৱা নাই শিক্ষিত নিৱনুৱাৰ ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে Veterinary Welfare Forum Of Assam, All Assam Poultry Farmers and Traders Association আৰু পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ছাত্ৰ সন্থাই ৷

ৰাজ্যত বিগত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি
ৰাজ্যত বিগত বহুদিন ধৰি বন্ধ হৈ আছে পশু চিকিৎসকৰ নিযুক্তি

পশু চিকিৎসক নিযুক্তিৰ দাবীত যৌথভাৱে পশুপালন আৰু পশু চিকিৎসা সঞ্চালকক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল । তেওঁলোকৰ দাবী পশু চিকিৎসকৰ খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ লগতে নতুন পদ সৃষ্টিৰ জৰিয়তে পশুপালন ক্ষেত্ৰখনত প্ৰয়োজন হৈ থকা চিকিৎসকৰ প্ৰয়োজনীয়তা অতি খৰতকীয়াকৈ পূৰণ কৰিব লাগে ।

উল্লেখযোগ্য যে National Commission on Agriculture, 1976ৰ নিয়মাৱলী অনুসৰি অসমত প্ৰয়োজনীয় পশু চিকিৎসকৰ সংখ্যা 2500 জন ৷ কিন্তু,বৰ্তমানে বিভাগত কৰ্মৰত হৈ আছে মাত্ৰ 800 জন হে । যাৰ ফলত পশু চিকিৎসকৰ এনে নাটনিয়ে পশুপালক আৰু পশুধন ক্ষেত্ৰখনত যথেষ্ট দুৰ্ভোগৰ সৃষ্টি কৰিছে ।

স্মাৰক পত্ৰ প্ৰদান

গৰুৰ চবকা, লাম্পী স্কীন বেমাৰ তথা গাহৰিৰ জ্বৰ আদি মহামাৰীয়ে পশুপালন ক্ষেত্ৰখনক যিদৰে জৰাজীৰ্ণ আৰু পশুপালক সকলক দুৰ্ভোগ ভোগাইছে তেনেক্ষেত্ৰত পশু চিকিৎসকৰ নিযুক্তি এটা অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে । দেখা গৈছে যে পশু চিকিৎসকৰ অভাৱৰ বাবে সাধাৰণ পশুপালকসকলে যধে মধে বিভিন্ন ধৰণৰ এন্টিবায়টিক আদি ব্যৱহাৰ কৰি থকাৰ ফলত মানুহৰ শৰীৰত এক প্ৰতিজৈৱিক প্ৰতিৰোধতা সৃষ্টি কৰিছে,যিহেতু এই এন্টিবায়টিক সমূহৰ অৱশিষ্ট এটা নিৰ্দিষ্ট দিনলৈ গাখীৰ আৰু মাংসত উপলব্ধ হৈ থাকে । গতিকে এই ভয়ংকৰ পৰিস্থিতি প্ৰতিৰোধৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পশু চিকিৎসকৰ নিযুক্তি অতি প্ৰয়োজনীয় হৈ পৰিছে আৰু লগতে বছৰ বছৰ ধৰি উচ্চ শিক্ষা গ্ৰহণ কৰি নিবনুৱা হৈ পৰি থাকিব লগা হোৱা পশু চিকিৎসকসকলৰ বিড়ম্বনাক চৰকাৰে গুৰুত্ব দিয়াটোও অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে । অন্যথা পশুধন,পশু পালক আৰু পশু চিকিৎসকৰ যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে সংগঠনকেইটাই ৷

লগতে পঢ়ক : একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে নেকি অৰুণোদয় আঁচনি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.