ছাৰ্জিকেল মাস্কৰ দামৰ নামত ৰাজ্যৰ ব্য়াপক লুন্ঠন
ৰাজ্যত চলিছে মাস্কৰ বেহাৰ নামত বৃহৎ লুন্ঠন ৷ ইটিভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে লুন্ঠনৰ তথ্য ৷ কৰ’ণাৰ সময়ত মাস্কৰ কেলেংকাৰীক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী একাংশৰ ৷
দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক
যোৱা ২৪ ঘণ্টাত ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ 3,523 জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া 2,11,853 জনলৈ বৃদ্ধি পাইছে । আনহাতে, মুঠ 32,68,710 টা ঘটনা সক্ৰিয় হৈ আছে ।
কৰ'ণাত প্ৰাণ গ'ল প্ৰতিভাৱান গায়িকা পাৰবিন পৰীৰ
কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল কণ্ঠশিল্পী পাৰবিন পৰীয়ে । কিন্তু হঠাত্ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু অৱশেষত শনিবাৰে উদীয়মান কণ্ঠশিল্পী গৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিলে ।
কৰ’ণাত আক্ৰান্ত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস
প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইতিমধ্যে হেমেন দাস গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ৰাজ্যসমূহলৈ ৮,৮৭৩ কোটি টকা আৱণ্টন কেন্দ্ৰৰ
ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় অংশৰ প্ৰথম কিস্তি হিচাপে ৰাজ্যসমূহৰ বাবে ৮,৮৭৩ কোটি মোকোলাই দিছে কেন্দ্ৰই । কৰ'ণা মহামাৰীৰ বাবে সৃষ্টি হোৱা সংকটকালত চিকিৎসালয় স্থাপন আৰু অক্সিজেন উৎপাদনকে ধৰি বিভিন্ন প্ৰয়োজনীয় কামত ব্যয়ৰ বাবে এই ধনৰাশি মুকলি কৰি দিয়া হৈছে ।
মৰাণত ভেকচিনৰ বাবে 45 বছৰ উৰ্দ্ধৰ ব্য়ক্তিৰ ব্য়াপক ভীৰ
মৰাণত কৰ'ণা প্ৰতিষেধক ল'বলৈ হাহাকাৰ ৰাইজৰ ৷ পুৱাৰ পৰাই মৰাণ ৰাজ্যিক চিকিৎসালয়ত লানি নিচিগা ভিৰ ৷
এগজিট প'ল এগজেক্ট প'ল নহয় : অসম প্ৰদেশ কংগ্ৰেছ কমিটি
গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়, এগজিট প'ল প'ল এগজেক্ট প'ল নহয় । একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এগজিট প'ল প'লক কাল্পনিক আৰু উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি ভট্টাচাৰ্যই সদৰি কৰে যে, সংবাদ মাধ্যমৰ উপৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে নিৰ্বাচনৰ সকলো নীতি-নিয়ম আৰু পৰম্পৰা ভংগ কৰি যি কাল্পনিক ফলাফল দাঙি ধৰিলে সেই কাৰ্যই জনাদেশকেই অৱমাননা কৰিলে ।
ক'ভিড-১৯ ত আক্ৰান্ত হৈ প্ৰাক্তন আৰজেডি সাংসদৰ মৃত্যু
প্ৰাক্তন আৰজেডি সাংসদ মহম্মদ শ্বাহাবুদ্দিনৰ দেহাৱসান । ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন আৰজেডি সাংসদগৰাকীৰ । হত্যাৰ গোচৰত দোষী সাব্যস্ত হৈ তিহাৰ কাৰাগাৰত কাৰাবাস খাটি আছিল মহম্মদ শ্বাহাবুদ্দিনে ।
মাটিয়াত ক‘ভিডত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ
গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড-19 ত আক্ৰান্ত ৰোগীক লৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ ৷ এম্বুলেঞ্চ অবিহনে ঘৰলৈ নিয়া হ’ল ৰোগীক ৷ অঞ্চলজুৰি তীব্ৰ আতংক ৷
ত্ৰিপুৰাত এমাহলৈ বৃদ্ধি নৈশ সান্ধ্য আইন
কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ত্ৰিপুৰা চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ পদক্ষেপ । ৩১ মে'লৈ ৰাজ্যখনত বৃদ্ধি কৰা হৈছে নৈশ সান্ধ্য আইন । বৰ্তমান চলি থকা নৈশ সান্ধ্য আইনৰ নিৰ্দেশনা শনিবাৰে সমাপ্ত হোৱাৰ লগে লগে এই ঘোষণা চৰকাৰৰ ।