বিয়লি3 বজাৰ শীৰ্ষ দহটা বাতৰি :
ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ
গোৱালপাৰা জিলাৰ সিমামূৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তত থকা কদমতোলা ছয়সিমানা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ ৰাইজৰ অভিযোগ মতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চৰকাৰী ডাক্টৰ নাৰ্ছ থকা সত্বেও উপস্থিত নাথাকে স্বাস্থ্য কেন্দ্ৰটোত।
খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল
খাকী পোচাকত কালিমা সানিলে কামৰূপৰ দুই আৰক্ষীয়ে ৷ উৎকোচ লৈ নিলম্বিত হ’ল চাংসাৰী থানাৰ কনিষ্টবল নুৰ ইছলাম আৰু গৃহৰক্ষী জোৱান উপেন কলিতা ৷
মিজোৰাম অভিমুখী বাহনত আক্ৰমণ জনতাৰ
বিগত ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ (Lailapur) এলেকাত মিজো আৰক্ষীৰ আক্ৰমণৰ ঘটনাৰ পিছৰ পৰাই বৰাক উপত্যকাৰ তিনিওখন জিলাত অব্যাহত আছে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ (Economic blockade) ।
কুম্ভমেলাত ভুৱা ক’ভিড পৰীক্ষণ সন্দৰ্ভত EDৰ অভিযান
চলিত বৰ্ষৰ মাৰ্চ মাহত হৰিদ্বাৰত অনুষ্ঠিত হৈছিল কুম্ভমেলা । কুম্ভমেলাৰ বাবে ক'ভিড-১৯ৰ পৰীক্ষা বাধ্যতামূলক কৰা হৈছিল ৷ অভিযোগ অনুসৰি, হৰিদ্বাৰত কুম্ভমেলাৰ সময়ত সংঘটিত হৈছিল ভুৱা ক’ভিড পৰীক্ষণ আৰু উক্ত ক’ভিড পৰীক্ষণত হৰিদ্বাৰৰ প্ৰকৃত ক'ভিড আক্ৰান্তৰ হাৰ ভুলকৈ প্ৰকাশ কৰা হৈছিল ৷
আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস
অসমৰ হস্ততাঁত শিল্পৰ ইতিহাস অতি পুৰণি । সুদুৰ অতীতৰে পৰা অসমীয়া তিৰোতাই শিপিনীৰূপে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল ।
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...
কাৰ্বি আংলঙৰ ১ ইঞ্চি ভূমিও মেঘালয়ক দিয়া নহ'ব : কাৰ্বি ছাত্ৰ সন্থা
অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত হোৱা আলোচনাৰ পাছতে পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং সমষ্টিৰ ব্লক ১ আৰু ব্লক ২ ত কাৰ্বিৰ লগতে বিভিন্ন জনগোষ্ঠীৰ প্ৰায় ২২ টা জনগোষ্ঠীৰ গাঁৱত মেঘালয়ে বেদখলৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে লাইচান ইংলেঙে ৷
ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
এটি কৰুণ দৃশ্য ৷ এই দৃশ্যই মৰ্মাহত কৰি তুলিছে সকলোকে ৷ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ তেনে সময়তে কান্দি কান্দি এগৰাকী ব্যক্তিয়ে কৈ উঠিল- ছাৰ, মোক ন্যায় লাগে ৷
সমষ্টিবাসীক দিয়া প্ৰতিশ্ৰুতি পাহৰিলে বিধায়ক ভৱেশ কলিতাই
কেইবা শতিকা পুৰণি আৰিমত্ত গড়ৰ সোঁ মাজেৰে জলসিঞ্চন বিভাগে 1970 চনত সাজিছিল এখন পানী উত্তোলক আঁচনি ৷ প্ৰায় ডেৰমাহ পূৰ্বে আৰিমত্ত গড়টো কাটি একাংশ লোকে প্ৰায় সত্তৰ মিটাৰ দীঘল আৰু ছয় ফুট বহল এটি পথ সাজি উলিয়াইছিল ।
কেমেৰাত বন্দী আৰক্ষীৰ উৎকোচ লোৱা দৃশ্য
ৰাজ্যত পুনৰ খাকী পোছাকত লাগিল দাগ । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ কৰ্মৰাজিৰ শুধৰণিৰ কথা কৈছিল । তাৰপিছতো কামৰূপৰ ডোবক আৰক্ষীৰ নির্লজ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰঙিয়া মহকুমা । কেমেৰাত বন্দী হৈছে দিন-দুপৰতে ৰাজপথত আৰক্ষীয়ে ধন সংগ্ৰহ কৰা দৃশ্য ৷