গুৱাহাটী, 6 ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাক নিয়াই জেৰা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে ৷ মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নিয়াই চমন জাৰি কৰিছিল বিশিষ্ট ছাত্ৰনেতাগৰাকীক ৷ ইতিমধ্যে আজি দিনৰ ভাগত নিয়াৰ সোণাপুৰস্থিত কাৰ্যালয়ত জেৰা কৰা হয় ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাক ৷ এই ঘটনাৰ পিছতে ৰাজ্যৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ দ্বাৰা এগৰাকী প্ৰতিবাদী ছাত্ৰ নেতাৰ কন্ঠ ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে ৷ ছাত্ৰ আন্দোলন মষিমুৰ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰসমাজক গণতান্ত্ৰিকভাৱে একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ সকীয়নি দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৷ ছাত্ৰ নেতা প্ৰাঞ্জল কলিতাক নিয়াই জেৰা কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে ৷
উল্লেখযোগ্য যে, কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত প্ৰাঞ্জল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সৈতে জড়িত । চমন জাৰি কৰাৰ পাছতে ছাত্ৰনেতা জনে মন্তব্য কৰিছিল যে, ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক যি গোচৰত কৰায়ত্ত কৰা হৈছিল সেই গোচৰতেই চমন জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ আধীনস্থ সংস্থাটোৱে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই ষড়যন্ত্ৰৰ আশ্ৰয় লৈছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰাঞ্জল কলিতাই । আনহাতে ছাত্ৰ নেতাজনলৈ নিয়াই চমন জাৰি কৰাৰ পাছতেই ক্ষোভ প্ৰকাশ কৰিছিল ৰাজ্যৰ সচেতন ছাত্ৰ সমাজে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এক ভিডিঅ'যোগে কেন্দ্ৰীয় চৰকাৰ তথা নিয়াৰ এই কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিছিল । স-সন্মানেৰে প্ৰাঞ্জল কলিতাক নিয়াৰ কাৰ্যালয়ৰ পৰা ওভতাই পঠাবলৈ দাবী উত্থাপন কৰিছিল ছাত্ৰ নেতাগৰাকীয়ে । অন্যথা ফেচিষ্ট চৰিত্ৰৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন দমন কৰিব বিচৰা চৰকাৰখনৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰিছিল সাধাৰণ সম্পাদক গৰাকীয়ে ।
যিটো সময়ত গুৱাহাটী মহানগৰীত IEDৰ দৰে বিস্ফোৰক উদ্ধাৰ হৈছে, তেনে সময়ত এগৰাকী ছাত্ৰ নেতাৰ পিচত দৌৰি আছে মহানগৰ আৰক্ষীৰ লগতে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ৷ কূটাঘাত ৰোধ কৰিবলৈ সক্ষম নোহোৱা আৰক্ষীৰ লগতে এইসমূহ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই এতিয়া এইদৰে ৰাজ্যৰ একাংশ শিক্ষাৰ্থী তথা ছাত্ৰসমাজৰ প্ৰতিনিধিক একমাত্ৰ জাতিৰক্ষাৰ আন্দোলনত নামি পৰাৰ বাবেই মাওবাদী সজাই প্ৰতিনিয়ত চলাই গৈছে মানসিক হাৰাশাস্তি ৷ এইখন চৰকাৰৰ নিৰ্দেশতে এইসমূহ ঘটনা সংঘটিত হৈ থকাৰ লগতে নিৰ্বাচনত ইয়াৰ সমূচিত প্ৰত্যুত্তৰ লাভ কৰিব ৷