গুৱাহাটী, 5 ফেব্ৰুৱাৰী : বুধবাৰে মহানগৰীৰ ক্ষেত্ৰী আৰু সোণাপুৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ ক্ষেত্ৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে কেইবাজনো লোক ৷
প্ৰাপ্ত তথ্য মতে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশলৈ যোৱা AS 20/1437 নম্বৰৰ ASTC বাছখনে এখন বাইকক মহতিয়াই নি এজোপা গছত খুন্দিয়ায় । ফলত বাছখনত থকা যাত্ৰীসকল কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাইকৰ আৰোহী কমল বড়ো থিতাতে নিহত হয় আৰু পত্নী প্ৰিয়ংকা বড়োক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ৷
উল্লেখযোগ্য যে, একেখন বাছে সোণাপুৰৰ লালমাটিত এখন আই-10 বাহন খুন্দিওৱাত চালকজন গুৰুতৰভাৱে আহত হৈছে ৷
আনহাতে, নগাঁৱৰ কুৰুৱাবাহীতো সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নগাঁৱৰ পৰা মৰিগাঁও অভিমুখে আহি থকা এখন 'টিয়াগ' গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ সুৰাপান কৰি গাড়ী চলোৱা বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ আহত লোক দুজন বনমালি পাটৰ আৰু দ্ৰোণকান্ত বৰদলৈ বুলি চিনাক্ত কৰা হৈছে ৷
আৰু পঢ়ক : ভাৰতীয়সকলৰ বাবে ভূটানৰ নতুন পৰ্যটন নীতি