ETV Bharat / city

অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ চেষ্টা চলাম : তেজস্বী যাদৱ

author img

By

Published : Feb 27, 2021, 4:40 PM IST

Updated : Feb 27, 2021, 7:44 PM IST

বিজেপি বিৰোধী মহাজোঁটৰ প‌্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাব তেজস্বী যাদৱে ৷ হোটেল ভিভান্টাত এক সংবাদমেল সম্বোধন কৰি বহুকেইটা মন্তব্য কৰে যাদৱে । লক্ষ্য বিহাৰ মূলৰ হিন্দী ভাষী ভোটাৰ বুলিও কয় তেওঁ ৷

আৰজেডি প্ৰধান তেজস্বী যাদৱ
আৰজেডি প্ৰধান তেজস্বী যাদৱ

গুৱাহাটী, 27 ফেব্ৰুৱাৰী : অসমত উপস্থিত হৈ এক সংবাদমেল সম্বোধন আৰজেডি নেতা তেজস্বী যাদৱৰ ৷ অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ নিৰ্বাচনী মন্ত্ৰণাৰে উপস্থিত হয় আৰজেডি নেতাগৰাকী ৷

আৰজেডি প্ৰধান তেজস্বী যাদৱৰ সংবাদমেল

অসমত কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ অংশীদাৰ হৈ বিজেপি বিৰোধী অভিযানত চামিল হ'ব খোজে আৰজেডিৰ নেতা তথা বিহাৰ বিধান সভাৰ বিৰোধী দলপতি তেজস্বী যাদৱ ৷ আজি হোটেল ভিভান্টাত অনুষ্ঠিত এক সংবাদমেলত নেতাগৰাকীয়ে এই মন্তব্য কৰে ৷ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা তথা অন্যান্য নেতাসকলৰ সৈতে মিলিত হৈ নিৰ্বাচনী পৰিস্থিতিৰ বুজ লোৱাৰ পিছত আজি সংবাদমেল সম্বোধন কৰি অসমৰ নিৰ্বাচনত আৰজেডিয়ে বিজেপি বিৰোধী স্থিতিত অৱস্থান কৰিব বুলি ঘোষণা কৰে ৷

তাৎপৰ্যপূৰ্ণভাবে আৰজেডিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক কাষত লৈ সংবাদমেল সম্বোধন কৰা তেজস্বীয়ে কয় যে, অসমৰ মুঠ ভোটাৰৰ অতি কমেও পাঁচ শতাংশ ভোটাৰ হিন্দী ভাষী ৷ বিভিন্ন কাৰণত বিহাৰৰ পৰা শ্ৰমিক হিচাপে বহু লোকে আহি অসমত বসতি কৰিছে ৷ সেই লোকসকলক বিজেপি বিৰোধী মহাজোঁটৰ প‌্ৰাৰ্থীকহে ভোট দিবলৈ আহ্বান জনাব তেজস্বী যাদৱে ৷

যুৱনেতা তেজস্বীয়ে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, এই দলৰ শাসনত দেশৰ সাংবিধানিক অনুষ্ঠানসমূহে বিজেপিৰ ভগ্নী সংগঠন হিচাপে কাম কৰিছে‌‌ যি দুৰ্ভাগ্যজনক ৷ তেওঁ কয় যে, দেশৰ জনতাই সন্মান কৰি অহা ৰিজাৰ্ভ বেংক, চিবিআই‌, ইডি আদি সংস্থাক বিজেপিয়ে ভগ্নী সংগঠনৰ দৰে ব্যৱহাৰ কৰিছে ৷ ভাৰতবৰ্ষৰ ইতিহাসৰ ই এক কলংকিত অধ্যায় ৷

মন কৰিবলগীয়া যে, আজিৰ এই সংবাদমেলৰ পিছতে তেজস্বী যাদৱে এইআই‌ইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ লগত এক বৈঠকত মিলিত হ'ব । এই বৈঠকত কি সিদ্ধান্ত লয় সেয়া লক্ষণীয় হ'ব ৷ ‌

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়

Last Updated : Feb 27, 2021, 7:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.