গুৱাহাটী, ১২ আগষ্টঃ কংগ্ৰেছমুক্ত ভাৰত,কংগ্ৰেছযুক্ত বিজেপি। বিজেপিত এতিয়া এয়াই বাস্তৱ। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অতি শীঘ্ৰে বিজেপিত যোগ দিব কংগ্ৰেছৰ "হেভিৱেট" দম্পতি ভৰত নৰহ আৰু ৰাণী নৰহে ৷ ইতিমধ্যেই কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই যোগদান কৰিছে বিজেপিত ৷ ডঃ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত কংগ্ৰেছৰ ৯ বিসম্বাদী "নৱৰত্ন" বিধায়কে বিজেপিৰ দুৱাৰত টোকৰ দিয়াৰ পিছৰে পৰা আৰম্ভ হোৱা সেই প্ৰব্ৰজনৰ পৰিক্ৰমা এতিয়াও অব্যাহত আছে।
ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰি সঞ্জয় সিং আৰু ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগ দিয়াৰ সমান্তৰালকৈ প্ৰাক্তন কংগ্ৰেছ সাংসদ শান্তিয়াছ কুজুৰ আৰু প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়েও যোগ দিলে বিজেপিত। লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাও আহিল কংগ্ৰেছলৈ। প্ৰাপ্ত তথ্য মতে অতি সোনকালেই বিজেপিত যোগ দিব কংগ্ৰেছৰ "হেভিৱেট" দম্পতি ভৰত নৰহ আৰু ৰাণী নৰহেও। নৰহ দম্পতিৰ বিজেপি গমণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ বুলি জানিব পৰা গৈছে ৷