গুৱাহাটী, 26 ছেপ্টেম্বৰঃ সমগ্ৰ দেশৰ লগতে অসমতো কাৰ্যকৰী হ'ল সংশোধিত নতুন যান-বাহন আইন । সংশোধিত আইন প্ৰযোজ্য হোৱাৰ পিছতেই অধিক তৎপৰ হ'ল মহানগৰ যান-বাহন আৰক্ষী আৰু জিলা পৰিবহন বিভাগ । মহানগৰীৰ ঠায়ে ঠায়ে চলিল তালাচী অভিযান । আইন অমান্যকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ল যান-বাহন আৰক্ষী ।
মহানগৰীৰ মালিগাঁৱতো জালুকবাৰী যান-বাহন আৰক্ষীয়ে চলাই তীব্ৰ অভিযান । হেলমেট পৰিধান নকৰা, চিটবেল্ট নলগোৱা, লাইঞ্চেচ নোহোৱা চালকক জৰিমনা বিহিলে আৰক্ষীয়ে । উল্লেখ্য যে, নতুন যানবাহন আইন অনুসৰি পূৰ্বেতকৈ অধিক জৰিমনা ভৰিব লাগিব আইন অমান্যকাৰীয়ে । এই সন্দৰ্ভত যাত্ৰীসকলৰ মাজত দেখা পোৱা যায় মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ একাংশ লোক আৰক্ষীৰে সৈতে তৰ্ক যুদ্ধটো লিপ্ত হোৱাৰ বিপৰীতে বহুৱে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় ৷
যিয়ে নহক মুঠৰ ওপৰত সমগ্ৰ দেশতে অধিক কঠোৰ হৈছে যানবাহন আইনৰ লগতে প্ৰশাসন-আৰক্ষী । সেয়ে সজাগ হওঁক আপুনিও নহ'লে সন্মুখীন হ’ব লাগিব বৃহৎ জৰিমনাৰ ৷
লগতে চাওকঃ ৰন্ধন গেছৰ বাবে দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন নাই গুৱাহাটীবাসীৰ! কিন্তু কিয় ?