গুৱাহাটী,৯জুন : এন.পি.পি দলক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰূপে স্বীকৃতি নিৰ্বাচন আয়োগৰ । এনপিপিয়ে হৈছে প্ৰথমটো ৰাজনৈতিক দল যি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি লাভ কৰিছে ।
উল্লেখ্য যে, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পি এ চাংমাই এন.চি.পি.ৰ পৰা অপসাৰিত হোৱাৰ পাছত 2012 চনৰ জুলাই মাহত চাংমাই নিজাকৈ জন্ম দিছিল এই এন.পি.পি. দলটো । প্ৰথম অৱস্থাত দলটোৰ কাম-কাজ মেঘালয়তে সীমাবদ্ধ আছিল যদিও পৰৱৰ্তী সময়ত প্ৰয়াত পি.এ.চাংমাৰ মৃত্যুৰ পাছত দলটোৰ নেতৃত্ব গ্ৰহণ কৰে তেওঁৰ পুত্ৰ কনৰাড চাংমাই । কনৰাড চাংমাৰ নেতৃত্বত পৰিকল্পিত আৰু সু সংগঠিত ৰাজনীতিৰ ফলত দলটোৱে বিজেপিৰ সহযোগত মেঘালয়ত চৰকাৰ গঠন কৰিবলৈও সক্ষম হয় আৰু কনৰাড চাংমা অধিষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ আসনত । শেহতীয়া লোকসভা নিৰ্বাচনত কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে মেঘালয় আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যত নিৰ্বাচনত অৱতীৰ্ণ হয় । দেশৰ নিৰ্বাচন আয়োগৰ নীতি অনুসৰি কমেও চাৰিখন ৰাজ্যত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'লেহে কোনো এটা দলে লাভ কৰিব পাৰে ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি । সেই অনুসৰি 7 জুনত নিৰ্বাচন আয়োগৰ সচিব প্ৰমোদ কুমাৰ শৰ্মাই এক নিৰ্দেশনা জাৰি কৰি এন পি পিক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে ঘোষণা কৰে । ইফালে,নিৰ্বাচন আয়োগে দলটোৰ প্ৰতীক " কিতাপ " হব বুলিও ঘোষণা কৰে ।